এই বদ মেজাজী মেকুৰীটো হৈছে আমেৰিকাৰ ৷ ইণ্টাৰনেটত তাৰকাত পৰিণত হোৱা খঙাল মেকুৰীটো এশ নিযুত সা-সম্পত্তিৰ গৰাকী ৷ ইনষ্টাগ্ৰামত ইয়াৰ ২০ লাখৰো অধিক অনুৰাগী আছে ৷
ট’বী ৰাইমছঃ ৯২ নিযুত ডলাৰৰ সম্পত্তিৰ গৰাকী
এই কুকুৰটোৰ গৰাকী ইলা ৱেণ্ডেল এগৰাকী অতি চহকী মহিলা ৷ ৱেণ্ডেলে নিজৰ পোহনীয়া কুকুৰটোৰ বাবে গোটেই জীৱন অতি দামী উপহাৰ ক্ৰয় কৰিছিল ৷ কুকুৰটোৰ প্ৰয়োজনীয় সকলোখিনিয়েই কৰিছিল ৷ ৱেণ্ডেলে কুকুৰটোৰ বাবে ৪০ নিযুত ডলাৰ এৰি থৈ যায় ৷ সম্প্ৰতি ইয়াৰ পৰিমাণ ৯২ নিযুত ডলাৰ হৈছে ৷
কালুঃ ৯২ নিযুত ডলাৰ
কালু নামৰ চিম্পাঞ্জীটোৱে দক্ষিণ আফ্ৰিকাৰ কে’পটাউনৰ এটা প্ৰাসাদোপম অট্টালিকাত বাস কৰে ৷ কালু হৈছে বিশ্বৰ সবাতোকৈ চহকী চিম্পাঞ্জী ৷ কালুৰ গৰাকী পেট্ৰিচিয়া অ’নেইলে পোহনীয়া প্ৰাণীক ইমানেই ভাল পাইছিল যে তেওঁ নিজৰ সমস্ত সম্পত্তি পোহনীয়া প্ৰাণীবোৰৰ নামত উইল কৰি থৈ যায় ৷ কালুৱে তাৰ ৯২ নিযুত ডলাৰৰ সম্পত্তি লাভ কৰে ৷
অ’প্ৰাহ উইনফ্ৰেৰ কুকুৰঃ যাৰ সম্পত্তিৰ মূল্য ৩০ নিযুত ডলাৰ
বিশ্বৰ অন্যতম চহকী মহিলা হৈছে অ’প্ৰাহ উইনফ্ৰে ৷ অ’প্ৰহাৰ ছেদি, চানী, লৌৰেন, লাইলা আৰু লিউক নামৰ ৫ টা কুকুৰ আছে ৷ কুকুৰকেইটাৰ নামত তেওঁ ৩০ নিযুত ডলাৰৰ সম্পত্তি উইল কৰিছে ৷ অৰ্থাৎ তেওঁৰ মৃত্যুৰ পাচত কুকুৰকেইটা ৩০ নিযুত ডলাৰৰ সম্পত্তিৰ গৰাকী হ’ব ৷
গিগ’ নামৰ মুৰ্গীটোঃ যাৰ সম্পত্তিৰ মূল্য ১৫ নিযুত ডলাৰ
সম্ভৱতঃ গিগ’ই হৈছে বিশ্বৰ একমাত্ৰ মুৰ্গী যি পোহনীয়া প্ৰাণীৰ আখ্যা অৰ্জন কৰিছে ৷ গিগ’ৰ গৰাকী হৈছে ব্ৰিটিছ প্ৰকাশক সম্ৰাট মাইলছ ব্লেকৱেল ৷ ২০১২ত ব্লেকৱেলৰ মৃত্যু হয় ৷ মৃত্যুৰ পূৰ্বে তেওঁ গিগ’ৰ নামত ১৫ নিযুত ডলাৰৰ সম্পত্তি উইল কৰি থৈ যায় ৷ অৱশ্যে তেওঁৰ বহুসংখ্যক দাতব্য সংস্থালৈও সম্পত্তি দান কৰে ৷
ট্ৰ’বলঃ ১২ নিযুত ডলাৰৰ সম্পত্তিৰ গৰাকী
ট্ৰ’বলৰ গৰাকী আছিল আমেৰিকান ব্যৱসায়ী হেলমচলে ৷ তেওঁ আমেৰিকাৰ এক হোটেল শৃংখলৰ গৰাকী আছিল ৷ মৃত্যুৰ আগে আগে লিয়’নাই ট্ৰ’বলৰ নামত ১২ নিযুত ডলাৰৰ সম্পত্তি উইল কৰি থৈ যায় ৷২০০৭ত হেলমচলেৰ মৃত্যু হয় ৷ কিন্তু তেওঁ পৰিয়ালৰ লোকৰ নামত কোনো সম্পত্তি উইল নকৰিলে ৷
ট’মাছোঃ ১৩ নিযুত ডলাৰৰ সম্পত্তিৰ গৰাকী
ট’মাছো নামৰ মেকুৰীটো অতি সৌভাগ্যবান মেকুৰী৷ মেকুৰীটো ইটালীৰ ৰোমৰ মেৰিয়া আচুণ্টা নামৰ অতি চহকী মহিলাগৰাকীয়ে তুলি লৈছিল ৷ ২০১১ত আচুণ্টাৰ মৃত্যু হয়। তাৰ পূৰ্বে তেওঁ ট’মাছোৰ নামত ১৩ নিযুত ডলাৰৰ সম্পত্তি উইল কৰি থৈ যায় ৷ অৱশ্যে ইটালীত পোনপটীয়াভাবে কোনো প্ৰাণী ধন-সম্পদৰ গৰাকী হ’ব নোৱাৰে ৷
ব্লেকীঃ ২৫ নিযুত ডলাৰ
গীণিজ বুকৰ মতে, ব্লেকী নামৰ মেকুৰীটো বিশ্বৰ সবাতোকৈ চহকী মেকুৰী ৷ ব্লেকীয়ে উত্তৰাধিকাৰী সূত্ৰে গৰাকীৰ পৰা ১৩ নিযুত ডলাৰৰ সম্পত্তি লাভ কৰে ৷ ব্লেকীৰ গৰাকী আছিল পুৰণি সম্পত্তি ক্ৰয়-বিক্ৰয় কৰা বেন ৰীয়া ৷ ১৯৯৮ত ৰীয়াৰ মৃত্যু হয় ৷
ক’নচিটাঃ ৩ নিযুত ডলাৰৰ সম্পত্তি
ক’নচিটা আছিল অতি চহকী মহিলা গেইল প’ছনেৰৰ মৰমৰ কুকুৰ ৷ ২০১০ত প’ছনেৰৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁ ক’নচিটাৰ নামত ৩ নিযুত ডলাৰৰ সম্পত্তি উইল কৰি থৈ যায় ৷