জীৱনত এবাৰ হলেও নিশ্চয় পঢ়ক এই ১০খন অসমীয়া কিতাপ
জীৱনত এবাৰ হলেও নিশ্চয় পঢ়ক এই ১০খন অসমীয়া কিতাপ

জীৱনত এবাৰ হলেও নিশ্চয় পঢ়ক এই ১০খন অসমীয়া কিতাপ

আজিৰ অসম জীৱনত এবাৰ হলেও নিশ্চয় পঢ়ক এই ১০খন অসমীয়া কিতাপ ৪ জানুৱাৰী ২০২২
Published on

অসীমত যাৰ হেৰ সীমা

কাঞ্চন বৰুৱাৰ ছদ্মনামৰ আঁৰত এই কিতাপ খন লিখিছিল ভূৱন মোহন বৰুৱাই। ১৯৪৫চনত ইয়াৰ প্ৰকাশৰ পাছৰে অসমীয়া সাহিত্য জগতত এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰি আহিছে এই উপন্যাস খনে।

দেও লাংখুই

দেও লাংখুই হৈছে সাহিত্য অকাডেমি বঁটা বিজয়ী উপন্যাস। ইয়াৰ লেখিকা ডঃ ৰীতা চৌধুৰী। চৌধুৰীৰ এই কিতাপ খনৰ যোগে প্ৰকাশ পায় টিৱা সম্প্ৰদায়ৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ে।

মাকাম

মাকাম হৈছে ডঃ ৰীতা চৌধুৰীৰ অন্য এখন বুৰঞ্জী মূলক কাল্পনিক উপন্যাস। চকুপানী আনি দিব পৰা এই উপন্যাস খনিত বৰ্ণন কৰা হয় ১৯৬২ চীন - ভাৰত যুদ্ধত বন্দী হোৱা চীনা সৈন্য সকলৰ বিষয়ে।

ককাদেউতাৰ হাড়

এই উপন্যাস খনৰ লেখত হৈছে নৱকান্ত বৰুৱা। সামাজিক সমস্যা সমূ্হক কাহিনীলৈ ৰূপায়ন কৰা এই উপন্যাসত বিবাহৰ বান্ধোনত বান্ধ খাবলৈ যোৱা দুটি পৰিয়ালৰ কিছু পুৰণি মত ভেদৰ বিষয়ে ডাঙি ধৰা হয়। চন ১৯৭৫ত এই উপন্যাস খনৰ বাবে নৱকান্ত বৰুৱা সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।

মামৰে ধৰা তৰোৱাল

মামৰে ধৰা তৰোৱাল হৈছে এখন কালজয়ী অসমীয়া উপন্যাস, যাক লিখিছিল ডঃ মামণি ৰয়ছম গোস্বামীয়ে। এই উপন্যাস লেখিকা গৰাকীৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত। কাহিনীৰ যোগে ইয়াত দৰ্শোৱা হয় উত্তৰ প্ৰদেশৰ, ৰেবাৰেলি জিলাত চাই ৰিভাৰ ডেমৰ নিৰ্মাণৰ সময়ত কৰ্মচাৰী আৰু প্ৰতিনিধি সকলৰ মাজত সৃষ্টি হোৱা মত ভেডৰ বিষয়ে।

মিৰি জীয়ৰী

এই উপন্যাস লিখিছিল ৰজনীকান্ত বৰদলৈ দেৱে আৰু প্ৰকাশ কৰা হৈছিল চন ১৮৯৪ত। ইয়াৰ কাহিনী ভাগ আধাৰিত মিছিং সম্প্ৰদায়ৰ জংকী আৰু পানৈ নামৰ এটি প্ৰেমিক যোৰাৰ প্ৰেম কাহিনীৰ ওপৰত।

অশান্ত ইলেক্ট্ৰন

অশান্ত ইলেক্ট্ৰন হৈছে সুৰেন্দ্ৰ নাথ মেছি উৰফেঃ সৌৰভ কুমাৰ চলিহাৰ কিছু চুটি কাহিনীৰ সম্ভাৰ। কিতাপ খনে প্ৰকাশ পাইছিল চন ১৯৭২, য'ত সমাহাৰ কৰা হৈছে ৬টা ভিন্ন কাহিনীৰ।

অন্তৰীপ

ভবেন্দ্ৰনাথ শইকীয়া দ্বাৰা লিখিত অন্তৰীপ হৈছে অন্য এক জনপ্ৰসিদ্ধ উপন্যাস। কাহিনীৰ কাহিনী বৈবাহিক জীৱনৰ কণ্ডলৰ ওপৰত আধাৰিত। এই উপন্যাসৰ পৃথকীয় কাহিনী আৰু লিখাৰ শৈলীৰে চুই যায় সকলোৰে অন্তৰ।

নাহৰৰ নিৰিবিলি ছাঁ

জনপ্ৰিয় অসমীয়া উপন্যাস নাহৰৰ নিৰিবিলি ছাঁ লিখিছিল বিশিষ্ট লেখিকা তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে। এই উপন্যাসে নৱপ্ৰজন্মৰ মাজত সৃষ্টি কৰিছিল এক অজান লহৰ।

লাইফ অফ এ ড্ৰাইভাৰ

এই বিশেষ উপন্যাস খনৰ লেখক হৈছে বিত্তিয়ভাৱে এগৰাকী ড্ৰাইভাৰ, ৰূপম দত্তই। এই উপন্যাস খনত দৰ্শোৱা হৈছে এগৰাকী ড্ৰাইভাৰৰ দৈনন্দিন জীৱনৰ কিছু ভিন্ন অভিজ্ঞতাৰ বিষয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com