“ ৰাজী" ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সহায়ক অভিনেতাৰ বাবে বহু চলচ্চিত্ৰ মহোৎসৱৰ মনোনয়ন লাভ কৰে ৷
“ উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক” ছবিৰ জৰিয়তে অৰ্জন কৰা জনপ্ৰিয়তাঃ
আদিত্য ধৰৰ “ উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক” ছবিত কৰা অভিনয়ৰ জৰিয়তে বিকীয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে ৷
ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অভিনেতাঃ
“ উৰিঃ দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’’ ছবিখন নিঃসন্দেহে এখন বিপুল জনপ্ৰিয় ছবি। এই ছবিত কৰা অভিনয়ৰ বাবে বিকীয়ে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰে ৷
৯৪ সংখ্যক অস্কাৰ বঁটাঃ
চলিত তথা ২০২১-ত বিকীয়ে " চৰ্দাৰ উধাম" নামৰ চৰ্চিত ছবিখনৰ নাম ভূমিকাত অভিনয় কৰে ৷ স্বাধীনতা সংগ্ৰামী উধাম সিঙৰ জীৱনকলৈ নিৰ্মিত এই ছবিখনে অস্কাৰৰ মনোনয়নৰ সংক্ষিপ্ত তালিকাত স্থান পাইছিল ৷ কিন্তু মূৰকত অস্কাৰৰ বাবে বাছনি নহ’ল ৷