আপোনাক লৈ ১৩০ কোটি ভাৰতীয় পৰম কৃতজ্ঞঃ ধোনীলৈ মোদীৰ আবেগিকপত্ৰ

মোদীয়ে লগতে কয় যে এক পৰিঘটনাৰূপেও দেশবাসীয়ে ধোনীক সদায়ে মনত ৰাখিব।
আপোনাক লৈ ১৩০ কোটি ভাৰতীয় পৰম কৃতজ্ঞঃ ধোনীলৈ মোদীৰ আবেগিকপত্ৰ

'আপোনাৰ ওচৰত ১৩০ কোটি ভাৰতীয় পৰম কৃতজ্ঞ', ভাৰতীয় ক্ৰিকেটৰ মহাতাৰকা মহেন্দ্ৰ সিং ধোনীলৈ লিখা এখন পত্ৰত এইদৰে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অলপতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ধোনী আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ধোনীৰ এই সিদ্ধান্তই দেশৰ অগনন ক্ৰিকেটপ্ৰেমীক ম্ৰিয়মান কৰি ৰাখিছে। এনে অৱস্থাতে স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে ধোনীলৈ এই পত্ৰ প্ৰেৰণ কৰে।

প্ৰাক্তন ক্ৰিকেট অধিনায়কজনক প্ৰশংসা কৰি পত্ৰখনত মোদীয়ে লিখিছে, " আপুনি লোৱা সিদ্ধান্তই দেশবাসীক দুঃখিত কৰিছে। কিন্তু একে সময়তে ১৩০ কোটি ভাৰতীয় আপোনাৰ ওচৰত পৰম কৃতজ্ঞ হৈ ৰৈছে"। আবেগিকভাবে লিখা পত্ৰখনত মোদীয়ে ধোনীক সম্বোধন কৰি কৈছে, " আপুনি ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক।ভাৰতীয় ক্ৰিকেটক বিশ্বৰ শীৰ্ষৰ নিয়াত আপুনিও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে"। মোদীয়ে লগতে কয় যে ধোনীক কেৱল ক্ৰিকেটত প্ৰদৰ্শন কৰা পাৰদৰ্শিতা অথবা তেওঁৰ ৰেকৰ্ডৰ পৰিসংখ্যাৰ বাবেই দেশবাসীয়ে মনত নাৰাখে, এক পৰিঘটনাৰূপেও দেশবাসীয়ে ধোনীক সদায়ে মনত ৰাখিব।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com