ইতিহাস সৃষ্টি কৰিলে এজাজ পেটেলেঃ টেষ্টত এটা ইনিংছতে ১০ টা উইকেট দখল

পূৰ্বে এই অভিলেখৰ গৰাকী আছিল মাথোঁ দুজন বলাৰহে। তেওঁলোক হ'ল ভাৰতৰ প্ৰাক্তন স্পীনাৰ অনিল কুম্বলে আৰু ইংলণ্ডৰ জিম লেকাৰ।
ইতিহাস সৃষ্টি কৰিলে এজাজ পেটেলেঃ টেষ্টত এটা ইনিংছতে ১০ টা উইকেট দখল
Published on: 

ইতিহাস সৃষ্টি কৰিলে ভাৰতীয়মূলৰ বাঁওহতীয়া স্পীনাৰ এজাজ পেটেলে ৷ নিউজিলেণ্ডৰ বিপক্ষে মুম্বাইত চলি থকা দ্বিতীয় টেষ্টৰ দ্বিতীয়দিনা তেওঁ একেটা ইংনিছত ১০ টা উইকেটেই দখল কৰে ৷ ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল মাথোঁ দুজন বলাৰহে। তেওঁলোক হ'ল ভাৰতৰ প্ৰাক্তন স্পীনাৰ অনিল কুম্বলে আৰু ইংলণ্ডৰ জিম লেকাৰ। এজাজ পেটেলে নিউজিলেণ্ডৰ বিৰুদ্ধে এই টেষ্টত দ্বিতীয় ইংনিছত ১১৯ ৰাণ দি ১০ টা উইকেটেই দখল কৰে। 

উল্লেখ্য যে পেটেলৰ ২০১৫-১৬ত ফোৰ্ড ট্ৰফীত অভিষেক ঘটে। তেওঁ সৰ্বাধিক উইকেট দখলৰ অভিলেখ স্থাপন কৰে। আঠ বছৰ বয়সত পৰিয়ালৰ সৈতে মুম্বাইৰ পৰা প্ৰব্ৰজন কৰে পেটেলে। ১৯৮৫ ত ছাৰ ৰিচাৰ্ড হেডলীয়ে অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলত ৫২ ৰাণ দি ৯ উইকেট দখল কৰিছিল। হেডলীৰ পাছত এজাজেই কম ৰাণত ১০ উইকেট দখলৰ অভিলেখ স্থাপন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com