ব্যয় সংকোচনঃ ১১প্ৰশিক্ষকক অব্যাহতি দিব বি চি চি আয়ে

এই প্ৰশিক্ষকসকলৰ কাৰ্যকাল অন্ত পৰাৰ পাছত তেওঁলোকৰ সৈতে পুনৰ চুক্তি নকৰাৰ সিদ্ধান্ত লৈছে ব’ৰ্ডে ৷
ব্যয় সংকোচনঃ ১১প্ৰশিক্ষকক অব্যাহতি দিব বি চি চি আয়ে

ক'ৰ'না মহামাৰী ৰোধৰ উদ্দেশ্যে ঘোষিত দীঘলীয়া তলাবন্ধই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড(বি চি চি আই)-কো ব্যয় সংকোচনৰ সিদ্ধান্ত ল'বলৈ বাধ্য কৰিলে ৷ প্ৰাপ্ত তথ্য অনুসৰি ব্যয় সংকোচনৰ লক্ষ্য আগত ৰাখি বি চি চি আয়ে ব'ৰ্ডৰ ১১জন প্ৰশিক্ষকক অব্যাহতি দিব ৷ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত নিয়োজিত এই প্ৰশিক্ষকসকলৰ কাৰ্যকাল অন্ত পৰাৰ পাছত তেওঁলোকৰ সৈতে পুনৰ চুক্তি নকৰাৰ সিদ্ধান্ত লৈছে ব'ৰ্ডে ৷

এই প্ৰশিক্ষকসকলৰ সৈতে ব'ৰ্ডৰ এবছৰীয়া চুক্তি আছিল ৷ চলিত মাহত এই চুক্তিৰ ম্যাদ অন্ত পৰিব ৷ ব''ৰ্ডে পুনৰ চুক্তিবদ্ধ নোহোৱাৰ সম্ভাৱনা থকাসকলৰ মাজত ৫জন প্ৰাক্তন ক্ৰিকেটাৰো আছে৷ এই ক্ৰিকেটাৰকেইগৰাকী হৈছে ৰমেশ পাৱাৰ, এছ এছ দাস, হৃষিকেশ কানিটকাৰ, সুব্ৰত পাৱাৰ আৰু সুজিত ছমসুন্দৰ। এই ১১ ক্ৰিকেট প্ৰশিক্ষকে ৩০-৩৫লাখ টকা আয় কৰিছিল ৷ অৱশ্যে চুক্তি পুনৰনবীকৰণ নকৰাৰ প্ৰকৃত কাৰণ এই প্ৰশিক্ষকসকলক ব'ৰ্ডে অৱগত কৰা নাই ৷ উল্লেখ্য যে বিশ্বৰে সৰ্বাধিক চহকী ক্ৰিকেট ব'ৰ্ড হৈছে বি চি চি আই। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com