পথাৰত ভূঁই ৰুই দৃষ্টি আকৰ্ষণ কৃতবিদ্য বক্সাৰ লাভলীনাৰ

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া যুৱতী লাভলীনাই সম্প্ৰতি নিজা ঘৰতে থাকি কঠোৰ অনুশীলন অব্যাহত ৰাখিছে।
পথাৰত ভূঁই ৰুই দৃষ্টি আকৰ্ষণ কৃতবিদ্য বক্সাৰ লাভলীনাৰ

আহাৰ মাহৰ পথাৰত ভূঁই ৰুই দৃষ্টি আকৰ্ষণ কৰিছে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্সাৰ লাভলীনা বৰগোঁহায়ে। গোলাঘাট জিলাৰ সৰুপথাৰত লাভলীনাৰ ঘৰ। সম্প্ৰতি পথাৰত পিতৃক কৃষিকৰ্মত সহায় কৰিছে আন্তঃৰাষ্ট্ৰীয় বক্সাৰগৰাকীক। প্ৰাপ্ত তথ্য অনুসৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া যুৱতী লাভলীনাই সম্প্ৰতি নিজা ঘৰতে থাকি কঠোৰ অনুশীলন অব্যাহত ৰাখিছে৷

লকডাউনৰ পূৰ্বে জৰ্ডানত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতলৈ ওভতাৰ পিছত সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱা ক'ৰ'না ভাইৰাছৰ আতংকৰ বাবে সম্প্ৰতি ঘৰতে আছে বক্সাৰগৰাকী৷ বক্সাৰগৰাকীক অনুশীলনৰ বাবে ঘৰতে সকলো ব্যৱস্থা কৰি দিছে সংশ্লিষ্ট বিভাগে৷ কিন্তু অনুশীলনৰ মাজে মাজে ঘৰুৱা কৰ্মতো নিজকে ব্যস্ত ৰাখিছে লাভলীনাই৷  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com