চি এছ অ' আই এ-প্ৰিমিয়াৰ লীগ বেডমিণ্টনৰ সামৰণি

চি এছ অ' আই এ-প্ৰিমিয়াৰ লীগ বেডমিণ্টনৰ সামৰণি

মহানগৰীৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় চৌহদত দেওবাৰে সামৰণি পৰে অসামৰিক সেৱা বিষয়া প্ৰতিষ্ঠান, অসমৰ বেডমিণ্টন প্ৰতিযোগিতা
Published on

গুৱাহাটীঃ অসামৰিক সেৱা বিষয়া প্ৰতিষ্ঠান, অসমৰ ষষ্ঠ চি এছ অ' আই এ-প্ৰিমিয়াৰ লীগ বেডমিণ্টন প্ৰতিযোগিতাৰ দেওবাৰে মহানগৰীৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় চৌহদত সামৰণি পৰে। মুখ্য সম্পাদক পবন কুমাৰ বৰঠাকুৰে উদ্বোধন কৰা এই সভাত মুঠ ১১৬ গৰাকী বিভিন্ন শাখাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বঁটা প্ৰদান অনুষ্ঠানত অতিৰিক্ত মুখ্য সম্পাদক ক্ৰমে ছ্যেদৈন আব্বাছি আৰু আশীষ কুমাৰ ভূটানীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিজয়ীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে। অনুষ্ঠানত প্ৰধান সম্পাদক অবিনাশ যোশী আৰু নিৰাজ ভাৰ্মাও উপস্থিত থাকে। অসামৰিক সেৱাৰ বিষয়াসকলৰ কল্যাণৰ বাবে আৰু সেৱাসমূহৰ সম্পূৰ্ণ সংহতি নিশ্চিত কৰাৰ বাবে তেওঁলোকক একত্ৰিত কৰিবলৈ চি এছ অ' আই এ গঠন কৰা হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com