আধুনিক ক্ৰিকেটত গাভাস্কাৰে ১৬হেজাৰ ৰাণ কৰিলেহেঁতেনঃ ইনজামাম

জাভেদ মিঁয়াদাদ, ভিভ ৰিচাৰ্ডছ, গেৰী ছবাৰ্ছ, ডন ব্ৰেডমেনৰ লেখীয়া ক্ৰিকেটাৰ আছিল। কিন্তু কোনোৱেই গাভাস্কাৰক স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাছিল
আধুনিক ক্ৰিকেটত গাভাস্কাৰে ১৬হেজাৰ ৰাণ কৰিলেহেঁতেনঃ ইনজামাম

একালৰ ক্ৰিকেট জগতৰ লিটল মাষ্টাৰ খ্যাত সুনীল গাভাস্কাৰে এতিয়াৰ দিনৰ ক্ৰিকেট খেলাহেঁতেন ১৬হেজাৰ ৰাণ কৰিবলৈ সক্ষম হ'লহেঁতেন। এই মন্তব্য কৰিছে পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বেটছমেন ইনজামাম উল হকে। গাভাস্কাৰক প্ৰশংসাৰে উপচাই একালৰ তাৰকা ক্ৰিকেটাৰজনে কয় যে আধুনিক ক্ৰিকেটত গাভাস্কাৰে নিঃসন্দেহে ১৬হেজাৰ ৰাণ কৰিবলৈ সক্ষম হ'লহেঁতেন। টেষ্ট ক্ৰিকেটত ১০, ১২২ ৰাণ কৰি একালত অভিলেখ স্থাপন কৰা গাভাস্কাৰ সন্দৰ্ভত প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰজনে আৰু কয়, "গাভাস্কাৰে টেষ্ট ক্ৰিকেটত কৰা ১০,১২২ৰাণ আজিৰ আধুনিক ক্ৰিকেটত ১৫,০০০ৰাণৰ সমান।ইয়াৰ সংখ্যা কেনেবাকৈ অধিকো হ'ব পাৰে"।

গাভাস্কাৰৰ সমক্ষম বিচাৰি পাবলৈ টান আছিল বুলি মন্তব্য কৰি ইনজামামে তেওঁৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ'ত আৰু কয়, " আজিৰ দৰে তেতিয়াও বহু ডাঙৰ ক্ৰিকেটাৰ আছিল। জাভেদ মিঁয়াদাদ, ভিভ ৰিচাৰ্ডছ, গেৰী ছবাৰ্ছ, ডন ব্ৰেডমেনৰ লেখীয়া ক্ৰিকেটাৰ আছিল। কিন্তু কোনোৱেই গাভাস্কাৰক স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাছিল"।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com