খেলৰ পৃথিৱী
আই এছ এলঃ হলিচৰণ নাৰ্জাৰীৰ সৈতে হায়দৰাবাদ এফ চিৰ চুক্তি
এই চুক্তিৰ ম্যাদ দুবছৰৰ। ২০২১-২২লৈ এই চুক্তিৰ ম্যাদ থাকিব।
ৰাজ্যৰ ফুটবলপ্ৰেমীৰ বাবে এক সুখবৰ। অসমৰ মিডফিল্ডাৰ হলিচৰণ নাৰ্জাৰীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে আই এছ এলৰ হায়দৰাবাদ এফ চিয়ে। এই চুক্তিৰ ম্যাদ দুবছৰৰ। ২০২১-২২লৈ এই চুক্তিৰ ম্যাদ থাকিব।
উল্লেখ্য যে সম্প্ৰতি ২৬ বছৰীয়া নাৰ্জাৰীয়ে বিগত দশকত সাতটা ফুটবল দলৰ সৈতে খেলে। তেওঁ কেৰালাৰ কোচিস্থিত কেৰালা ব্লাষ্টাৰ্ছৰ হৈও খেলিছে। সম্প্ৰতি হায়দাৰাবাদ এফ চিৰ সৈতে চুক্তি স্বাক্ষৰক তেওঁ অবাৰ্চীন আনন্দ আখ্যা দিছে।
ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উন্নত হ'লেই ক্ৰীড়াৰ পৰিৱেশ ঘূৰি আহিব বুলি প্ৰতিভাবান ফুটবলাৰগৰাকীয়ে আশাপ্ৰকাশ কৰিছে।