৩৯ বছৰীয়া হ'ল ভাৰতীয় মহিলা ক্ৰিকেট তাৰকা ঝুলন গোস্বামী

২০১১ত তেওঁ এম এ চিদম্বৰম ট্ৰফীৰ খেলত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ খিতাপ অৰ্জন কৰে।
৩৯ বছৰীয়া হ'ল ভাৰতীয় মহিলা ক্ৰিকেট তাৰকা ঝুলন গোস্বামী
Published on

ভাৰতীয় তাৰকা মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে আজি জীৱনৰ ৩৯ বছৰ পূৰ্ণ কৰে ৷ জন্মদিন উপলক্ষে তাৰকা ক্ৰিকেটাৰগৰাকীলৈ বিভিন্নজনে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে ১৯৮২ৰ ২৫ নৱেম্বৰত ক্ৰিকেটাৰ গোস্বামীৰ পশ্চিমবংগৰ চাকদাহাত জন্ম হয় ৷ দুৰ্দান্ত বলিঙেৰে প্ৰতিপক্ষৰ বুকু কঁপাই তোলা গোস্বামীৰ আন্তৰ্জাতিক ক্ৰিকেটত বহু সুনাম আছে। 

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গোস্বামীয়ে বহু ক্ৰিকেট টুৰ্ণামেণ্টত প্ৰশংসনীয় প্ৰদৰ্শন কৰিছে। ইয়াৰ সুবদাত তেওঁ অনেক সন্মান অৰ্জন কৰিছে। ২০১১ত তেওঁ এম এ চিদম্বৰম ট্ৰফীৰ খেলত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে ২০০৭ত তেওঁ আই চি চিৰ মহিলা ক্ৰিকেট বঁটা লাভ কৰে।  

২০১৬ৰ জানুৱাৰীত অনুষ্ঠিত আই চি চি মহিলা ক্ৰিকেটত এইগৰাকী ভাৰতীয় খেলুৱৈয়ে বলিং ৰেংকিঙত প্ৰথম স্থান অধিকাৰ কৰে। 

বলিঙত ঝুলন গোস্বামীৰ কৃতিত্বঃ 

১)  ২০১২ত বিশাখাপট্টনমত অনুষ্ঠিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত ভাৰতৰ হৈ গোস্বামীয়ে ১১ ৰাণ দি ৫ উইকেট দখল কৰে।

২) ২০১১-ত ছাউথ গেটত অনুষ্ঠিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলত ভাৰতৰ হৈ গোস্বামীয়ে ৩১ ৰাণ দি ৬ টা উইকেট দখল কৰে। 

৩) ২০০৫-ত শিলচৰত অনুষ্ঠিত ইংলেণ্ডৰ বিৰুদ্ধে খেলত গোস্বামীয়ে ভাৰতৰ হৈ ১৬ ৰাণ দি ৫ টা উইকেট দখল কৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com