অক্টোবৰ-নৱেম্বৰত আমিৰ শ্বাহীত আই পি এল টুৰ্ণমেণ্ট !

অৱশ্যে ইয়াৰ বাবে আই চি চিয়ে টি-২০ বিশ্ব কাপ স্থগিত ৰাখিব লাগিব।
অক্টোবৰ-নৱেম্বৰত আমিৰ শ্বাহীত আই পি এল টুৰ্ণমেণ্ট !
Published on

চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত সংযুক্ত আৰৱ আমিৰ শ্বাহীত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল)-ৰ ক্ৰিকেট অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই কথা সদৰী কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই)-এ কয় যে আন্তৰ্জাতিক ক্ৰিকেট কমিটী(আই চি চি)-এ অনুমতি দিলেই অক্টোবৰ-নৱেম্বৰত আমিৰ শ্বাহীত আই পি এল অনুষ্ঠিত হব। অৱশ্যে ইয়াৰ বাবে আই চি চিয়ে টি-২০ বিশ্ব কাপ স্থগিত ৰাখিব লাগিব। কাৰণ টি-২০ বিশ্ব কাপৰ সূচীও অক্টোবৰ-নৱেম্বৰত আছে।কালি বি চি চি আইৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহে এই কথা অৱগত কৰে।

উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ আই পি এল স্তগিত ৰখা হৈছে।কালি সম্পৰ্কত বি চি চি আইৰ বৈঠকত আলোচনা হয়। বৈঠকত মুঠতে ১১টা বিষয়ত আলোচনা অনুষ্ঠিত হয়। বৈঠকত লগতে এই সিদ্ধান্তও গৃহীত হয় যে এই বৰ্ষৰ ডিচেম্বৰৰ লৈকে ভাৰতত কোনো ঘৰুৱা ক্ৰিকেট অনুষ্ঠিত নহয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com