৩৯বছৰ পূৰ্ণ কৰিলে ধোনীয়েঃ জন্মদিনত অগনন অনুৰাগীৰ শুভেচ্ছা

। এনে এটা নাম যিয়ে বিশ্বজুৰি কোটি কোটি লোকক অনুপ্ৰাণিত কৰিছিল।
৩৯বছৰ পূৰ্ণ কৰিলে ধোনীয়েঃ জন্মদিনত অগনন অনুৰাগীৰ শুভেচ্ছা

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আজি ৩৯সংখ্যক জন্মদিন।এই উপলক্ষ্যে অগনন অনুৰাগীয়ে তেওঁলৈ শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে।দুবাৰ বিশ্বকাপ ফুটবল জয় কৰাৰ সময়ত ভাৰতীয় দলৰ অধিনায়কৰ গুৰু দায়িত্ব পালন কৰা ধোনী আজিও অগনন অনুৰাগীৰ নয়নৰ মণি। অগনন অনুৰাগীৰ লগতে বহু ক্ৰিকেটাৰেও মাহিলৈ জন্মদিনৰ শুভেচ্ছা জনাইছে। সতীৰ্থ তথা ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন বিৰাট কোহলীয়ে ধোনীলৈ জন্মদিনৰ শুভেচ্ছা জনাই টুইট কৰিছে। এটা টুইটত কোহলীয়ে কয়, " তেওঁ হৈছে এনে এটা নাম যিয়ে ভাৰতীয় ক্ৰিকেটাৰ মুখাবয়ব সলনি কৰিছিল। এনে এটা নাম যিয়ে বিশ্বজুৰি কোটি কোটি লোকক অনুপ্ৰাণিত কৰিছিল। আজি তেওঁৰ জন্মদিনত অফুৰন্ত শুভেচ্ছা জনালো"।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com