ৰিচা মিশ্ৰই সোণৰ পদক লাভ কৰে

মহিলাৰ ৪০০ মিটাৰ মেডলীত ৫:১২.৪৮ ছেকেণ্ডত পদক লাভ কৰে ৰিচাই, গোৱাৰ শ্ৰুংগী ৰাজেশ বণ্ডেকাই আৰু উত্তৰ প্ৰদেশৰ দিশা ভাণ্ডাৰীয়ে ৰূপ আৰু ব্ৰঞ্জ সংগ্ৰহ কৰে
ৰিচা মিশ্ৰই  সোণৰ পদক লাভ কৰে
Published on

গুৱাহাটীঃ(GUWAHATI) জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত আজি অনুষ্ঠিত ৭৫ সংখ্যক ছিনিয়ৰ নেচনেল একুৱাটিক চেম্পিয়নশ্বিপত অভিজ্ঞ সাঁতোৰবিদ ৰিচা মিশ্ৰই দ্বিতীয়টো পদক, এইবাৰ সোণৰ পদক লাভ কৰে। মহিলাৰ ৪০০ মিটাৰ মেডলীত ৫:১২.৪৮ ছেকেণ্ডত পদক লাভ কৰে ৰিচাই। এই প্ৰতিযোগিতাত গোৱাৰ শ্ৰুংগী ৰাজেশ বণ্ডেকা আৰু উত্তৰ প্ৰদেশৰ দিশা ভাণ্ডাৰীয়ে ক্ৰমে ৰূপ আৰু ব্ৰঞ্জ সংগ্ৰহ কৰে।

অলিম্পিয়ান মানা পেটেলে আজি মহিলাৰ ২০০ মিটাৰ বেকষ্ট্ৰ'কত ২:২০.০৯ সময় লৈ আৰামত সোণৰ পদক দখল কৰে।মহাৰাষ্ট্ৰৰ পলক যোশী আৰু প্ৰতিষ্ঠা ডাংগীয়ে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। পুৰুষৰ শাখাত কৰ্ণাটকৰ পৰা উৎকৰ্ষ সন্তোষ পাটিল, শিৱ আৰু আৰ এছ পি বিৰ তন্ময় দাসে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। এই মিটত শিৱৰ বাবে ই আছিল দ্বিতীয়টো পদক।

পুৰুষৰ শাখাত কৰ্ণাটকৰ ১৫০০ মিটাৰ ফ্ৰীষ্টাইল অনীশ এছ গৌড়াই ১৬:০৮.৮৪ সময়েৰে প্ৰথম স্থান দখল কৰে। তেওঁৰ পিছতে আৰ এছ পি বিৰ সুশ্ৰুত সূৰ্যকান্ত কাপছে (ৰূপ) আৰু উত্তৰ প্ৰদেশৰ অনুৰাগ আৰ সিং (ব্ৰঞ্জ)।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com