জে কে বৰুৱাৰ টাইত লগতে অগ্ৰগতি লাভ কৰে শিৱসাগৰ,আৰু তিতাবৰ

মাজুলীৰ প্ৰথম ইনিংছৰ মুঠ ১০২ ৰানৰ উত্তৰত শিৱসাগৰে প্ৰথম দিনা ষ্টাম্পত প্ৰথম ইনিংছত ২৫৭-৬ গ’ল দিয়ে
জে কে বৰুৱাৰ টাইত লগতে অগ্ৰগতি লাভ কৰে শিৱসাগৰ,আৰু তিতাবৰ
Published on

গুৱাহাটীঃ নেহৰু ষ্টেডিয়ামত আজি অনুষ্ঠিত জে কে বৰুৱাৰ টাইত মাজুলীৰ বিৰুদ্ধে প্ৰথম ইনিংছৰ বিশাল অগ্ৰগতি লাভ কৰে শিৱসাগৰে। মাজুলীৰ প্ৰথম ইনিংছৰ মুঠ ১০২ ৰানৰ উত্তৰত শিৱসাগৰে প্ৰথম দিনা ষ্টাম্পত প্ৰথম ইনিংছত ২৫৭-৬ গ'ল দিয়ে।

আমিনগাঁও ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত আনখন খেলত প্ৰথম দিনা বঙাইগাঁৱৰ বিৰুদ্ধে তিতাবৰে প্ৰথম ইনিংছত ৮ ৰানৰ সংকীৰ্ণ অগ্ৰগতি লাভ কৰে।

চমু স্ক'ৰঃ নেহু ষ্টেডিয়াম-মাজুলী ১ম ইনিংছ ১০২, বিভূতি শৰ্মা ২৩, সৰ্ব্বন সাহ ৫-২১।ৰাহুল তামুলী ৩-২৩। শিৱসাগৰ ১ম ইনিংছ ২৫৭-৬, নিবিৰ বেজবৰুৱা ৮৪ নং, ৱাছিম আক্ৰম ৪৭, বিভূতি শৰ্মা ৩-৮৪।

তিতাবৰ বনাম আমিনগাঁও-তিতাবৰ ১ম ইনিংছ ১২০, দেবৰাজ কলিতা ৩৬, পল্ল কৰুণাকৰ ৪-২৩, বঙাইগাঁও ১ম ইনিংছ ১১২, বিশ্বজিৎ দাস ৩৪, এডুল আলী ৪-১৫; তিতাবৰৰ ২য় ইনিংছত ৩০-৫, পল্লা কৰুণাকৰ ৩-১১।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com