বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ মাজত শীতল যুদ্ধ:বিচিচিআইৰ বিশেষ পদক্ষেপ

বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ মাজত শীতল যুদ্ধ:বিচিচিআইৰ বিশেষ পদক্ষেপ

ভাৰতীয় ক্ৰিকেট দলৰ জনপ্ৰিয় খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ মাজত চলি থকা শীতল যুদ্ধ খনে সম্প্ৰতি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে । ইফালে বিশ্ব কাপৰ চেমী ফাইনেলত ভাৰতৰ পৰাজয়ৰ পিছত ভাৰতীয় অনুৰাগীসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইয়াৰ মাজতে পোৱা তথ্য অনুসৰি সম্প্ৰতি বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ মাজত হোৱা এই শীতল যুদ্ধই ক্ৰিকেটৰ অনুৰাগীকে ধৰি সৰ্বত্ৰে সকলোকে সচকিত কৰি তুলিছে ৷

ইফালে,ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰসকলে ভাৰতলৈ আহিবলৈ টিকেটৰ অভাৱ হৈছে বুলি অনুৰাগীসকলে নিশ্চয় তথ্য লাভ কৰিছিল। বিচিচিআইয়েও ভাৰতীয় দলৰ ক্ৰিকেটাৰ সকলৰ কাৰণে টিকটৰ ব্যৱস্থা কৰিবলৈ সক্ষম ন’হল ৷ যাৰ কাৰণে ভাৰতীয় ক্ৰিকেটাৰসকল দেওবাৰলৈকে ইংলেণ্ডত থাকিবলগীয়া হয়। কিন্তু সকলোকে আচৰিত কৰি ৰোহিত শৰ্মাই পত্নী আৰু কন্যাক লৈ এদিনৰ আগেয়ে গৃহমুখী হয়।

গতিকে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ মাজত হৈ থকা শীতল যুদ্ধখনৰ অৱসান ঘটাবলৈ বিচিচিআইয়ে তেওঁলোকৰ মাজত চলি থকা অধিনায়কত্বৰ ভাগ বতৰা কৰিব পাৰে। এই সন্দৰ্ভত বিচিচিআইৰ এজন বিষয়াৰ মত অনুসৰি ৰোহিত শৰ্মাই ৫০ অভাৰৰ কাৰণে অধিনায়কত্বৰ দায়িত্ব ল’ব পাৰে।

বিচিচিআইৰ আন এক তথ্য অনুসৰি বিৰাট কোহলীৰ পৰা এদিনীয়া আৰু টি টুৱেন্টীৰ অধিনায়কত্ব ঘুৰাই ল’ব পাৰে ।অৱশ্যে টেষ্ট ক্ৰিকেটত বিৰাট কোহলীয়ে অধিনায়ক হৈ থাকিব ৷ অনাগত বিশ্বকাপৰ সময়ত ৰোহিত শৰ্মাই অধিনায়কত্বৰ দায়িত্ব ল’ব পাৰে ৷ কাৰণ ভাৰতীয় ক্ৰিকেট দলক আগবঢ়াই নিবলৈ ৰোহিত শৰ্মা এগৰাকী সুদক্ষ ক্ৰিকেটাৰ৷

অন্যহাতে চলিত বৰ্ষৰ বিশ্ব কাপত ৰোহিত শৰ্মাই সৰ্বশ্ৰষ্ঠ প্ৰদৰ্শন কৰিছে ৷বিচিচিআইৰ দৃষ্টিতো ৰোহিত শৰ্মা এগৰাকী যোগ্য খেলুৱৈ হিছাপে পৰিগণিত হৈছে ৷কাৰণ ৰোহিত শৰ্মাৰ লগত এটা দলক প্ৰতিনিধিত্ব কৰিব পৰা সকলো গুণ আছে ৷উল্লেখ্য যে চলিত বৰ্ষৰ বিশ্ব কাপত ৰোহিত শৰ্মাই সকলোতকৈ সৰ্বাধিক ৰাণ কৰা খেলুৱৈ ৰূপে পৰিগণিত হৈছে ৷ ৰোহিত শৰ্মাই সৰ্বমুঠ ৰান কৰিছে ৬৪৮ ৷ য’ত এশটা আছিল শতক ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com