অন্তিম এদিনীয়াত বৃহৎ বিজয় সাব্যস্ত টীম ইণ্ডিয়াৰ

অন্তিম এদিনীয়াত বৃহৎ বিজয় সাব্যস্ত টীম ইণ্ডিয়াৰ
Published on

কেৰালাৰ গ্ৰীনফিল্ড ক্ৰিকেট ষ্টেডিয়ামত অনুস্থিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলাৰ পঞ্চম তথা অন্তিম খন খেলত ভাৰতে আলহী দলটোক ৯ উইকেটত সহজে পৰাস্ত কৰে কৰি ৩-১ ব্যৱধানত দখল কৰিবলৈ সক্ষম হয় ।

কেৰিবিয়ান বাহিনীৰ অধিনায়ক জেচন হল্ডাৰে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।ভাৰতীয় শক্তিশালী বলিং আক্ৰমনৰ বিৰুদ্ধে কোনোধৰনৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহল। ৩১.৫ অভাৰতে সকলো উইকেট হেৰুৱাই মাত্ৰ ১০৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতৰ বলিঙত ৰবিন্দ্ৰ জাদেজাই সৰ্বাধিক ৩৪ ৰানত চাৰিটা, বুমৰাহে ১১ ৰানত দুটা আৰু খলিল আহমদে ২৯ ৰান সমসংখ্যক উইকেট দখল কৰিবলৈ সক্ষম হয় ।

ঘৰুৱা দৰ্শকৰ সন্মূখত ১০৫ ৰানৰ সহজ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা টিম ইণ্ডিয়াই আৰম্ভনিতে অপেনাৰ শিখৰ ধাৱানৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও ৰোহিত শৰ্মা আৰু অধিনায়ক কোহলীৰ সুন্দৰ বেটিঙৰ সহায়ত বিজয় লক্ষ্যত উপনিত হবলৈ সক্ষম হয় ।

ৰোহিতে অপৰাজিত ৬৩ ৰান আৰু কোহলীৰ অপৰাজিত ৩৩ ৰানৰ সহায়ত ১৪.৫ অভাৰতে ভাৰতীয় দলক বিজয় লক্ষ্যত উপনিত কৰাবলৈ সক্ষম হয় ।হিট মেন ৰোহিতে ১১৭ টা বলত ৪ টা গগনচুম্বী ছয় আৰু ৫ টা চাৰিৰে বিস্ফোৰক ইনিংছটো সজাই ।

বিশ্ব শ্ৰেষ্ঠ টিম ইণ্ডিয়াৰ বেটিং লাইন আপৰ সন্মূখত কেৰিবিয়ান দলটোৰ সকলো বলাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গল । ৰবিন্দ্ৰ জাদেজা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কোহলী শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com