অন্তিম খেলত চৌডি আৰবে হৰুৱালে ইজিপ্তক

অন্তিম খেলত চৌডি আৰবে হৰুৱালে ইজিপ্তক
Published on: 

ভলগ'গ্ৰেড এৰেনাত সোমবাৰে অনুস্থিত গ্ৰুপ এ'ৰ অন্য এখন খেলত চৌডি আৰবে ইজিপ্তক ২-১ গ'লত পৰাস্ত কৰে।খেলৰ ২২ মিনিটতে লিভাৰপুলৰ তাৰকা খেলুৱৈ মহম্মদ চালাহৰ গ'লেৰে ইজিপ্তে অগ্ৰগতি লাভ কৰে।প্ৰথম অৰ্ধৰ অতিৰিক্ত সময়ত আৰবে পেনাল্টিৰ সুযোগ লাভ কৰি চলমান আল ফাৰাজে কাৰ্যকাৰী কৰি সমতা স্থাপন কৰে।দ্বিতীয় অৰ্ধত দুয়োতা সুন্দৰ খেল প্ৰদৰ্শনেৰে গ'ল দিয়াৰ চেষ্টা কৰে।খেল শেষ হবলৈ কেই চেকেন্ডমান বাকী থকা অৱস্থাত আল ডাৱাচিয়ে গ'ল দি চৌদি আৰবক সুন্দৰ বিজয় প্ৰদান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com