আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি২০

আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি২০
Published on

কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টি২০ শৃংখলাৰ আজি প্ৰথম খন এদিনীয়া অনুস্থিত হব । এদিনীয়া শৃংখলা ৩-১ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত শক্তিশালী ৰূপত খেলপথাৰত নামিবলৈ চেষ্ঠা কৰিব বিশ্ব শ্ৰেষ্ঠ টি২০ দলটোৱে ।এদিনীয়া শৃংখলাত বিশ্ব শ্ৰেষ্ঠ টিম ইণ্ডিয়াৰ বেটিং লাইন আপৰ সন্মূখত কেৰিবিয়ান দলটোৰ সকলো বলাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছিল ।

শনিবাৰে ইডেন গাৰ্ডেনত দুয়োটা দলৰ খেলুৱৈয়ে অনুশীলন কৰা বুলি জানিব পৰা গৈছে । সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া খেলখনত বিৰাট কোহলীৰ বিপৰীতে ৰোহিত শৰ্মাৰ নেতৃত্বত আলহী দল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি খেলপথাৰত নামিব টীম ইণ্ডিয়া । শিৱিৰত যোগ দিছেহি তাৰকা কিৰন পলাৰ্ড, এভিন লুৱিচ, ডাৰেন ব্ৰেভ' আৰু কাৰ্লচ ব্ৰেথৱেটে । ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনক লৈ ক্ৰিকেট প্ৰেমী সকল ক্ৰিকেট জ্বৰত ভূগা পৰিলক্ষিত হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com