আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ ডৱাইন ব্ৰেভ'ৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ ডৱাইন ব্ৰেভ'ৰ
Published on

ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডৱাইন ব্ৰেভ'য়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ঘোষণা কৰিছে । অৱশ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত টি২০ ক্ৰিকেটৰ প্ৰতিযোগিতা সমূহ খেলি যাব বুলি জানিবলৈ দিয়ে। ৩৫ বৰ্ষীয় খেলুৱৈ গৰাকীৰ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটিছিল ২০০৪ চনত আৰু দেশৰ হৈ অন্তিম খন খেল খেলিছিল ২০১৬ চনতে। পাকিস্তানৰ বিৰুদ্ধে টি২০ ক্ৰিকেটত অৱতীৰ্ণ হৈছিল।

এতিয়ালৈ ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ গৰাকীয়ে দেশৰ হৈ ৪০ খন টেষ্ট, ১৬৪ খন এদিনীয়া আৰু ৬৬ খন টি২০ মেচত অংশগ্ৰহণ কৰিছে। তেওঁ টেষ্টত গড়ে ৩১.৪২ ৰানকৈ ২,২০০ ৰান, এদিনীয়াত ২৫.৩৬ ৰানকৈ ২,৯৬৮ ৰান কৰাৰ লগতে ১৯৯ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। টি২০ ক্ৰিকেটৰ বিশেষজ্ঞ খেলুৱৈ হিচাপে জনাজাত ব্ৰেভ'য়ে ১১৬.৪১ ষ্ট্ৰাইক ৰেটৰ সহায়ত ১১৪২ কৰাৰ লগতে ৫২ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ব্ৰেভ'ৰ শ্লো' ডেলিভাৰী আৰু খেলপথাৰত কৰা নিত্য প্ৰত্যেক জন ক্ৰিকেট প্ৰেমীৰেই প্ৰিয়। ভাৰতৰ জনপ্ৰিয় ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ শীৰ্ষ দল চেন্নাই ছুপাৰ কিংছৰ নিৰ্ভৰযোগ্য খেলুৱৈ ব্ৰেভ'।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com