
ডুবাইত চলি থকা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি পুনৰ ভাৰত মুখামুখি হব চিৰবৈৰী পাকিস্তানৰ। প্ৰথম খন মেচত পাকিস্তানে বিনাযুদ্ধে আত্মসমৰ্পন কৰিছিল টিম ইণ্ডিয়াৰ সন্মূখত। ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ অনুপস্থিতিত ৰোহিত শৰ্মাৰ নেতৃত্বধীন ভাৰতীয় দলটোৱে তিনিওখন মেচতে জয়লাভ কৰি আত্মবিশ্বাসৰ তুংগত আছে।
ভাৰতীয় দলত ৰোহিত শৰ্মা, শিখৰ ধৱন , দীনেশ কাৰ্তিক , ধোনীৰ দৰে তাৰকা বেটচমেন থকাৰ লগতে বলিং বিভাগত আছে ভূবেনেশ্বৰ, বুমৰাহ , কুলদীপ , জাদেজাৰ দৰে তাৰকা। পাকিস্তান দলত অধিকাংশ খেলুৱৈয়ে অনভিজ্ঞ যদিও বেছ প্ৰতিভাৱান। পাকিস্তানে এতিয়ালৈ প্ৰতিযোগিতাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। অন্তিম মেচত আফগানিস্তানৰ বিৰুদ্ধে কোনোমতেহে জয়লাভ কৰিবলৈ সক্ষম হৈছে।
আজি নিঃসন্দেহে ফেভাৰেট হিচাপেই যুঁজত নামিব টিম ইণ্ডিয়া।আজি জয় মানেই ফাইনেলৰ টিকট নিশ্চিত হব ৰোহিত বাহিনীৰ। আজি দোয়োখন দেশৰ কোটি কোটি ক্ৰিকেট প্ৰেমীয়ে এখন ৰোমাঞ্চকৰ মেচৰ আশা কৰিছে।