এছিয়া কাপৰ ফাইনেলত ফেভাৰেট ভাৰতৰ সন্মূখত বাংলাদেশ

এছিয়া কাপৰ ফাইনেলত ফেভাৰেট ভাৰতৰ সন্মূখত বাংলাদেশ
Published on

ডুবাইত চলি থকা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে ফেভাৰেট হিচাপেই অৱতীৰ্ন হব। প্ৰথম খন মেচত বাংলাদেশে বিনাযুদ্ধে আত্মসমৰ্পন কৰিছিল টিম ইণ্ডিয়াৰ সন্মূখত।ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ অনুপস্থিতিত ৰোহিত শৰ্মাৰ নেতৃত্বধীন ভাৰতীয় দলটোৱে আফগানিস্তানৰ ড্ৰ খেলাৰ বিপৰিতে বাকী কেইখন মেচত জয়লাভ কৰি আত্মবিশ্বাসৰ তুংগত আছে।

ভাৰতীয় দলত ৰোহিত শৰ্মা, শিখৰ ধৱন , দীনেশ কাৰ্তিক , ধোনীৰ দৰে তাৰকা বেটচমেন থকাৰ লগতে বলিং বিভাগত আছে ভূবেনেশ্বৰ, বুমৰাহ , কুলদীপ , জাদেজাৰ দৰে তাৰকা।বাংলা দলটোতে ছাকিব-আল-হাচান, মুচটাফিজুৰ ৰহমান, মুচটাফি মুৰ্তাজা, মুচফিকুৰ ৰহিম , মহমদুল্লাহৰ দৰে তাৰকা খেলুৱৈ।অন্তিম মেচত পাকিস্তানৰ বিৰুদ্ধে কোনোমতেহে জয়লাভ কৰি ফাইনেল পাইছে বাংলাদেশ।আজি নিঃসন্দেহে ফেভাৰেট হিচাপেই যুঁজত নামিব টিম ইণ্ডিয়া।আজি দোয়োখন দেশৰ কোটি কোটি ক্ৰিকেট প্ৰেমীয়ে এখন ৰোমাঞ্চকৰ মেচৰ আশা কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com