খেলৰ পৃথিৱী
এছিয়ান গেমছত জলপাইগুৰিৰ স্বপ্না বৰ্মনৰ অভিলেখ
এছিয়ান গেমছত স্বৰ্ণজয় কৰিলে জলপাইগুৰিৰ স্বপ্না বৰ্মনে।এটা দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ স্বপ্নাৰ এই জয়ত পিতৃ-মাতৃ তথা সমূহ জলপাইগুৰি বাসী গৌৰৱান্বিত।স্বপ্না বৰ্মনৰ পিতৃ এজন ৰিক্সাচালক, মাতৃয়ে কাম কৰে চাহ বাগিচাত।টিনৰ চালি, আৰু বেৰেৰে সজা জুপুৰীসদৃশ ঘৰটোত থাাকিয়েই এগৰাকী সফল খেলুৱৈ হোৱাৰ সপোন দেখিছিল স্বপ্নাই।দৰিদ্ৰতাৰ বাবে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়তে আনৰ ঘৰে ঘৰে কাম কৰিবলৈ ওলাই গৈছিল স্বপ্না বৰ্মন। কিন্তু এই দৰিদ্ৰতাক নেওচি তাৰ মাজতে হেপ্টাথলানৰ অনুশীলন অব্যাহত ৰাখিছিল এই সফল খেলুৱৈ গৰাকীয়ে।এছিয়ান গেমছত স্বৰ্ণপদক জয় কৰি দৰিদ্ৰ পৰিয়ালটোলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে স্বপ্নাই।