কলম্বিয়াৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশৰ আশা সজীৱ

কলম্বিয়াৰ প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশৰ আশা সজীৱ
Published on

কাজান এৰেনাত অনুস্থিত গ্ৰুপ এইচ'ৰ অন্য এখন খেলত জেমচ ৰুড্ৰিগেজৰ দল কলম্বিয়াই পোলেন্ডক ৩-০ গ'লত পৰাস্ত কৰি নকআউটত প্ৰবেশৰ আশা জিয়াই ৰাখিছে।কলম্বিয়া প্ৰথম খন খেলত জাপানৰ বিৰুদ্ধে পৰাস্ত হৈ চিন্তাত পৰিছিল যদিও এই বিজয়ে দলৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। প্ৰথম অৰ্ধৰ ৪০ মিনিটত ৱাই মিনাই গ'ল কৰি কলম্বিয়াক অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয় অৰ্ধৰ ৭০ মিনিটত আৰ ফালকাও আৰু ৭৫ মিনিটত টি কুৱাড্ৰাডুৱে উপৰ্যুপৰি দুটা গ'ল দি পোলেন্ডৰ মেৰুদন্ড ভাঙি দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com