খেলৰত্নৰ বাবে বিৰাট কোহলী আৰু অৰ্জুন বঁটাৰ বাবে হিমাৰ লগতে ১৯ জনৰ নাম মনোনিত

খেলৰত্নৰ বাবে বিৰাট কোহলী আৰু অৰ্জুন বঁটাৰ বাবে হিমাৰ লগতে ১৯ জনৰ নাম মনোনিত
Published on

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বিশ্ব বিজয়ী ভাৰউত্তোলক মিৰাবাই চানুৰ নাম খেলুৱৈ সকলৰ অতি সন্মানীয় বঁটা ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে মনোনিত কৰিছে।অৰ্জুন বঁটাৰ বাবে জেবলিন থ্ৰৱাৰ নিৰজ চোপ্ৰা,দৌৰবিদ হিমা দাস,স্বৰ্ণজয়ী দৌৰবিদ জিনচন জনচন, টেনিচ খেলুৱৈ ৰোহন বোপান্না, হকী খেলুৱৈ মনপ্ৰীত সিং আৰু সবিতা পুনিয়া, ক্ৰিকেটাৰ স্মৃতি মানধানা, মনিকা বাট্ৰাৰ লগতে মুঠ ২০ জন খেলুৱৈক মনোনিত কৰা হৈছে।কেন্দ্ৰীয় খেলমন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰে খেলুৱৈ নিৰ্বাচিত কৰাৰ পাছত ২৫ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত বঁটা সমূহ প্ৰদান কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com