চকলাঘাটত ফুটবল টুৰ্ণামেন্টৰ সামৰণি, প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা

চকলাঘাটত ফুটবল টুৰ্ণামেন্টৰ সামৰণি, প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা
Published on

নগাঁও জিলাৰ চকলাঘাট আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত স্বৰ্গীয় দীনকান্ত বৰা, হেমকান্ত ভূঁঞা, মহেশ্বৰী ভূঁঞা সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰিছে।চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত প্ৰতিযোগিতা ৰ ফাইনেল খেলখনিত ভোমোৰাগুৰি ক্ৰীড়া একাদশে শ্বাইনছ এণ্ড ক্ৰিয়েচন থলুৱা এফ.চি ক ১-০ গ'লৰ ব্যৱধানত পৰাভূত কৰি চেম্পিয়ন হয়।

সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক মেচখনিত ভোমোৰাগুৰি ক্ৰীড়া একাদশৰ হৈ সমৰজ্যোতি বৰদলৈয়ে দ্বিতীয়াৰ্ধৰ ষষ্ঠ মিনিটত দিয়া একমাত্ৰ গ'লেৰে বিজয় সাব্যস্ত কৰে ভোমোৰাগুৰি দলটোৱে। খেল আৰম্ভ হোৱাৰ পূৰ্বে বৃহত্তৰ হাতীচোং অঞ্চলৰ ১০ গৰাকীকৈ প্ৰবীণ খেলুৱৈক সন্মান জনাই এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সম্বৰ্ধনা জনোৱা প্ৰবীণ খেলুৱৈগৰাকী ক্ৰমে - অশোক বৰঠাকুৰ, বগীৰাম বৰা, কমল কটকী, থানেশ্বৰ বৰা, পোহৰ বৰা, লক্ষেশ্বৰ বৰা, গম্ভীৰ শইকীয়া, অতুল শইকীয়া, যতীন্দ্ৰ মোহন বৰা আৰু কাৰাটেত ৰাজ্যিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰা পংকজ মুদৈ। ফাইনেল খেলখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট শিল্পী তথা প্ৰবীণ ক্ৰীড়াবিদ গম্ভীৰ শইকীয়াই।

ইপিনে, খেলৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় হকী ফেডাৰেছনৰ কোষাধ্যক্ষ তপন দাস, নগাঁও ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক উজ্জ্বল বৰুৱা, নগাঁও জিলা নেহৰু যুৱক কেন্দ্ৰৰ সমন্বয়কদ্বয় পলী দেৱী আৰু হিমাংশু জ্যোতি বৰা, বিশিষ্ট সমাজকৰ্মী বীৰেণ লালুং, নিজ হাতীচোং পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী পূণ্যপ্ৰভা বণিয়া,ক্ষীতেশ্বৰ বৰা , লৱকান্ত শৰ্মা আদি বিশিষ্ট ব্যক্তি সকলে অংশ লয় ।

গীত-নৃত্যৰ সমাহাৰ হোৱা উদ্বোধনী অনুষ্ঠানটোত মানস প্ৰতীম বৰা ,অনুৰাগ কাশ্যপ , কৃষ্ণাভজিৎ শইকীয়া ,বৰ্ণালী বৰা , ৰিকিগুন , গীতালী , তনুশ্ৰী আদিয়ে গীত নৃত্য পৰিবেশন কৰে ৷ আনহাতে নিশা অনুষ্ঠিত এক বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত বঁটা সমূহ বিতৰণ কৰা হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com