ছুইজাৰলেন্ডক পৰাস্ত কৰি কোৱাৰ্টাৰত ছুইডেন

ছুইজাৰলেন্ডক পৰাস্ত কৰি কোৱাৰ্টাৰত ছুইডেন
Published on: 

একাটেৰিনবাৰ্গ ষ্ট্ৰেডিয়ামত মঙলবাৰে অনুস্থিত সপ্তমখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চুইডেনে চুইজাৰলেন্ডক ১-০ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।অতি উত্তেজনাপূৰ্ন খেলখনত প্ৰথম অৰ্ধৰ খেল গ'লশূন্যভাৱে অন্ত পৰে। দ্বিতীয় অৰ্ধত দুয়োটা দলেই গ'ল দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখে,৬৬ মিনিটত সুযোগৰ সদব্যৱহাৰ কৰি এমি ফৰ্চবাৰ্গে এটা দৰ্শনীয় গ'লেৰে চুইডেনক ১-০ অগ্ৰগতি প্ৰদান কৰে।চুইজাৰলেন্ডে বহুত সুযোগ সৃষ্টি কৰিলেও গ'ল দিয়াত ব্যৰ্থ হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com