প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ ফ্ৰান্সৰ

প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ ফ্ৰান্সৰ
Published on: 

১৯৯৮ বিশ্বকাপৰ বিজয়ী ফ্ৰান্সে গ্ৰুপ চি'ৰ অন্য এখন খেলত বৃহস্পতিবাৰে দুৰ্বল দল পেৰুক ১-০ গ'লত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে।মেচৰ ৩৪ মিনিটত ফৰৱাৰ্ড কাইলিয়ান এমবাপ্পে'ৰ এক দৰ্শনীয় গ'লৰ সহায়ত ফ্ৰান্সে অগ্ৰগতি লাভ কৰে।পেৰুৱে বহুত চেষ্টা কৰিও সমতা স্থাপন কৰাত ব্যৰ্থ হয়। প্ৰথম মেচত ডেনমাৰ্কৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত একপ্ৰকাৰ বিদায় নিশ্চিত হৈছে পেৰুৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com