বিলাসীপাৰাত মহিলা ফুটবল প্ৰতিযোগিতা অনুস্থিত

বিলাসীপাৰাত মহিলা ফুটবল প্ৰতিযোগিতা অনুস্থিত
Published on

ধুবুৰী জিলাৰ বিলাসীপাৰাত শালকোচা স্পটচ ক্লাৱৰ সৌজন্যত প্ৰত্যেক বছৰৰ দৰে এই বছৰো শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এদিনীয়া মহিলা ফুটবল খেল প্ৰতিযোগিতা যোৱা ২১ অক্টোবৰ দেওবাৰৰ পৰা আৰম্ভ হয়। বুধবাৰে আবেলি ৩ বজাৰ পৰা চুড়ান্ত খেলখন অনুস্থিত হয় ।

ফুটবল খেল খনত সভাপতিত্ব কৰে শালকোচা সপৰ্টচ ক্লাৱৰ সভাপতি বিটুল বৰ্মনে । লগতে সম্পাদক দিবাকৰ বৰ্মন, উপদেষ্টা মণ্ডলী ক্ৰমে সিতুমনি বৰ্মন আৰু ভাস্কৰ সিংহ আৰু বিলাসীপাৰা পূব যুৱ কংগ্ৰেছ কমিটীৰ উপ সভাপতি জিয়াউল ইছলাম উপস্থিত থাকে।

আজিৰ এই চুড়ান্ত খেলখন অনুষ্ঠিত হয় ময়নাগুৰী হাপা পাৰা ক্লাৱ আৰু জয় মা কালী ইছলামাৰী ক্লাবৰ মাজত । ময়নাগুৰী ক্লাবে জয় মা কালী ক্লাৱক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । হাজাৰ হাজাৰ জনতাই শান্তি শৃংখলা বজাই ৰাখি আজিৰ এই চুড়ান্ত খেলখন উপভোগ কৰে।

এই ফুটবল খেলখনৰ প্ৰথম ট্ৰ'ফীটো আগবঢ়ায় বিশিষ্ট খেলুৱৈ স্বৰ্গীয় বেনুমাধৱ বৰুৱাৰ পূৰ্ণ স্মৃতিত তেওঁৰ ভগ্নী প্ৰনিতা বৰুৱা আৰু পৰিয়াল বৰ্গই । চুড়ান্ত বিজয়ী দলটোক ৫০০০ টকা নগদ পুৰস্কাৰ লগতে ট্ৰফি আৰু দ্বিতীয় স্থান লাভ কৰা দলটোক ৩০০০ টকা নগদ পুৰস্কাৰ লগতে ট্ৰফি প্ৰদান কৰে।

উক্ত ফুটবল খেল খনৰ বঁটা বিতৰণী সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদসাৰ লগতে ভালে সংখ্যক গন্য-মান্য ব্যক্তি ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com