ৰঞ্জী ট্ৰফীত ৰাজস্থানৰ বিৰুদ্ধে ইনিংছ ব্যাবধানত পৰাস্ত অসম

ৰঞ্জী ট্ৰফীত ৰাজস্থানৰ বিৰুদ্ধে ইনিংছ ব্যাবধানত পৰাস্ত অসম
Published on

অসম আৰু ৰাজস্থানৰ মাজত চলা ৰঞ্জী ট্ৰফীৰ এলিট গ্ৰুপ-৫ ৰ পঞ্চম ৰাইণ্ডৰ এখন খেলত অসম এক ইনিংছ আৰু ৪৩ ৰাণত পৰাস্ত হৈছে। ৰাজস্থানৰ শ্বৱাই মান সিং ষ্টেডিয়ামত চলা খেল খনত অসমে বেটিঙ আৰু বলিং উভয়তে শোচনীয় প্ৰদৰ্শন আগবঢ়াই ইনিংছ ব্যাবধানত পৰাস্ত হয়।টছত জয়ী হৈ ৰাজস্থানৰ অধিনায়ক মহীপাল লামৰোৱে অসমক প্ৰথমে বেটিঙ কৰাৰ বাবে আমন্ত্ৰণ জনায়। ঘৰুৱা সমৰ্থকৰ আগত দুৰ্দান্ত বলিঙেৰে ৰাজস্থানে অসমক মাত্ৰ ১০৮ ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য কৰায়। ৰাজস্থানৰ হৈ প্ৰথম ইনিংছত অংকিত চৌধুৰীয়ে ৫ টা আৰু নাথু সিঙে ৩ টা উইকেট দখল কৰে। অসমৰ এজনো বেটছমেন প্ৰথম ইনিংছত সফল হব নোৱাৰিলে।

ৰাজস্থানে নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি অধিনায়ক মহীপাল লামৰোৰ শতৰাণ আৰু চলমান খানৰ অৰ্ধশতৰাণেৰে আটাইকেইটা উইকেট হেৰুৱাই ৩২৫ ৰাণ কৰি প্ৰথম ইনিংছত বৃহৎ অগ্ৰগতি লাভ কৰে। অসমে দ্বিতীয় ইনিংছ আৰম্ভ কৰিও সংকটত পৰে আৰু ক্ৰমাগত ভাবে উইকেট হেৰুৱাই ১৭৪ ৰাণত অলআউট হৈ যায়। দ্বিতীয় ইনিংছত অসমৰ হৈ গকুল শৰ্মাই সৰ্বাধিক ৭৭ ৰাণৰ বৰঙণি যোগায়। ৰাজস্থানৰ প্ৰথম ইনিংছত ৫ টা উইকেট দখল কৰা অংকিত চৌধুৰীয়ে দ্বিতীয় ইনিংছতো ৫ টা উইকেট দখল কৰি খেলখনত মুঠ ১০ টা উইকেট দখল কৰে। চলিত বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ খেল সমূহত অসমে জয়-পৰাজয়ৰে মিশ্ৰিত প্ৰদৰ্শন আগবঢ়াইছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com