ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা গ্ৰহন কৰিলে হিমা দাসে

ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা গ্ৰহন কৰিলে হিমা দাসে
Published on

অসম গৌৰৱ ধিং এক্সপ্ৰেছ খ্যাত দৌৰবিদ হিমা দাসে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৰাইছিনা হিল্ছত গ্ৰহন কৰিলে সন্মানীয় অৰ্জুন বঁটা ।বিশ্বত দেশৰ সুনাম উজ্বলাবলৈ সক্ষম হোৱা হিমা দাসক অসমীয়া পাট-মুগা সাজ পৰিধান কৰি এই বঁটা গ্ৰহণ কৰা দেখা যায়।

অৰ্জুন বঁটা লাভ কৰা হিমা দাস হৈছে অসমৰ পঞ্চমগৰাকী খেলুৱৈ । প্ৰথমে ভোগেশ্বৰ বৰুৱাই লাভ কৰিছিল এই সন্মান । তাৰ পৰৱৰ্তী সময়ত মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাই লাভ কৰিছিল অৰ্জুন বঁটা লাভ কৰিছিল।

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ যোৱা ১৮ সংখ্যক এছিয়ান গেমছত মহিলাৰ ৪x৪০০ মিটাৰ ৰিলেত হিমাই স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা লগতে দুটাৰ ৰূপৰ পদক জয় কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com