শুভ বিবাহ বাৰ্ষিকী ধোনী-সাক্ষীঃ যুগ্মজীৱনৰ ১০ বছৰ পূৰ্ণ

শুভ বিবাহ বাৰ্ষিকী ধোনী-সাক্ষীঃ যুগ্মজীৱনৰ ১০ বছৰ পূৰ্ণ

এবাৰ কলকাতালৈ যাওঁতে ধোনীয়ে তেওঁক লগ পাইছিল। সেয়াই আছিল দুয়োৰে প্ৰেমৰ আৰম্ভণী
Published on

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আজি শনিবাৰে দশম বিবাহ বাষিৰ্কী পূৰ্ণ কৰে। আজিৰ এই দিনটোতে ২০১০ৰ ডিচেম্বৰত ডেৰাডুনত সাক্ষীৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলে। সেই সময়ত ধোনীয়ে কেৰিয়াৰৰ শীৰ্ষস্থানত অৱগাহন কৰিছিল।তেতিয়া সাক্ষীয়ে কলকাতাৰ তাজ হোটেলত ইণ্টাৰ্ণশ্বিপ কৰি আছিল। এবাৰ কলকাতালৈ যাওঁতে ধোনীয়ে তেওঁক লগ পাইছিল। সেয়াই আছিল দুয়োৰে প্ৰেমৰ আৰম্ভণী। ধোনীয়ে সাক্ষীৰ ফোন নম্বৰ লৈ আহে আৰু তাৰ পাছৰে পৰা তেওঁৰ সৈতে কথা পাতিবলৈ ধৰে। এনেদৰে দুয়োৰে মাজত নিবিড় সম্পৰ্ক গঢ় লৈ উঠে। অৱশেষত ২০১০ৰ ৪ জুলাইত দুয়ো বিবাহপাশত আবদ্ধ হয়। আয়োজন আছিল অনুষ্টুপীয়া। সেই সময়ত ক্ৰিকেট তাৰকা ধোনী অগনন যুৱতীৰ সপোনৰ নায়ক আছিল। ধোনীৰ বাবে সাক্ষী সৌভাগ্যৰো প্ৰতীকত পৰিণত হয়।

২০১০চনত বিয়াত বহাৰ পাছৰ বছৰটোতে ধোনীৰ কেপ্তেইনশ্বিপত ভাৰতে ২৮বছৰৰ অপেক্ষাৰ অন্তত বিশ্বকাপৰ খিতাপ জিকিবলৈ সক্ষম হয়। ২০১৫চনত হোৱা পৰৱৰ্তী ৱৰ্ল্ডকাপৰ আৰম্ভনিৰ পূৰ্বেই ধোনী-সাক্ষীৰ যুগ্মজীৱনৰ সা৭ী হিচাপে আহে কন্যা জীৱা। এই সময়চোৱাত ধোনীয়ে পত্নী-কন্যাৰ ওচৰলৈ যাব পৰা নাছিল। প্ৰায় তিনিমাহৰ পিছতহে ধোনীয়ে নিজৰ কন্যা জীৱাৰ মুখ চাব পাৰে।
 আজি অগনন অনুৰাগীয়ে দুয়োজনলৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনায়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com