সুস্থ সবল ছাল পাবৰ কাৰণে কি কৰিব আপুনি ? পঢ়ক আমাৰ এই বিধি

সুস্থ সবল ছাল পাবৰ কাৰণে কি কৰিব আপুনি ? পঢ়ক আমাৰ এই বিধি

সুস্থ সবল ছাল পাবৰ কাৰণে কি কৰিব আপুনি ৷ আমাৰ সকলোৰে জীৱনলৈ এদিন নহয় এদিন বৃদ্ধাৱস্থা আহিব ৷ সেইটো চিৰসত্য ৷ কিন্তু সাম্প্ৰতিক সময়ত আমাৰ ব্যস্ততা পূৰ্ণ জীৱনত কামৰ হেচাঁ ইমানেই অত্যাধিক হৈ পৰে যে, আমি বয়সতকৈ আগেয়ে আমাৰ শৰীৰত পৰিৱৰ্তন দেখিবলৈ পোৱা যায় ৷তাৰ ভিতৰত বয়স ৰেখা অতি সোনকালে আমাৰ মুখত পৰে । কিন্তু যদি আমি নিয়মিত আহাৰ গ্ৰহণ কৰোঁ,আমি আমাৰ গতিবিধিক ভালকৈ নিয়ন্ত্ৰণ কৰো তেন্তে আমি আমাৰ বয়সক অলপ হলেও ধৰি ৰাখিবলৈ সক্ষম হ’ম ৷ কিন্তু ইয়াৰ কাৰণে আমি কি কৰিম।

Google

প্ৰথমতে আমি সকলোৱে সময়ত মতে শোৱা আৰু উঠাৰ অভ্যাস কৰিব লাগিব ৷কাৰণ পুৱা সোনকালে উঠিলে আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী ৷ কিন্তু কেতিয়াবা আমাৰ টোপনি সম্পূৰ্ণ নহয় ৷ কামৰ হেচাঁ বা অন্যান্য কামত আমি দৈনিক যি সাত-আঠ ঘন্টাকৈ শুব লাগে সেয়া সম্পূৰ্ণ নহয় ৷ যদি আপুনিও দৈনিক আঠ ঘন্টা বা সাত ঘন্টা শুৱা নাই তেন্তে শুবলৈ চেষ্টা কৰক ৷কাৰণ আমাৰ ব্যস্ততাপূৰ্ণ জীৱনত সম্পূৰ্ণ টোপনি শৰীৰৰ কাৰণে অত্যন্ত উপযোগী ৷

দ্বিতীয়তে সুৰা পান কৰা স্বাস্থ্যৰ কাৰনে ক্ষতিকাৰক ৷কিন্তু সুৰা পান কৰাটো যেন কিছু সংখ্যকৰ কাৰণে ফেশ্বনৰ দৰে ৷সুৰা আপোনাৰ শৰীৰৰ অংগসমূহক অনতি পলমে বৃদ্ধি হোৱাত সহায় কৰে ৷যাৰ কাৰণে যিকোনো লোক, বয়সতকৈ আগেয়ে বয়সৰ চাপ পৰা যেন অনুভৱ হয় । আৰু দেখিবলৈ বুঢ়া যেন লাগে ।

Google

তৃতীয়তে অতামাত্ৰা চেনী সেৱন কৰা ৷ অৱশ্যে যিকোনো বস্তুৰে অতি মাত্ৰা বেছি ৷যদি আপুনি হিছাপতকৈ বেছি চেনী সেৱন কৰিছে তেতিয়া শৰীৰত নেতিবাছক প্ৰভাৱ পৰে। অত্যাধিক চেনী সেৱন কৰাৰ ফলত ব্লাড চুগাৰ বৃদ্ধি পায় । আৰু মুখত বয়সৰ ছাপ পৰে। চেনীৰ পৰিমাণ বৃদ্ধি হোৱাৰ কাৰণে ডায়বেটিছ সমস্যাও দেখা দিয়ে৷ গতিকে যিমান পাৰি সিমান কমকৈ চেনী সেৱন কৰক।

চতুৰ্থতে ৰ’দ ৷ৰ’দ আমাৰ ছালৰ কাৰণে উপযোগী ৷বিশেষকৈ পুৱাৰ ৰ’দত ভিটামিন ডি পোৱা যায় ৷কিন্তু বেছিকৈ ৰ’দত থাকিলে আমাৰ ছালখন ৰ’দে পুৰি পেলায়। আৰু ৰ’দে ছালখনৰ সতেজতা নাইকিয়া কৰে ৷গতিকে ৰ’দত ওলোৱাৰ প্ৰাকমুহুৰ্তত ছানস্কীণ,ছাতি লৈহে ওলাব লাগে। ব্যয়াম শৰীৰৰ কাৰণে উপকাৰী৷কিন্তু বেছিকৈ কৰা ব্যায়ামে আমাৰ শৰীৰৰ ছাল ঢিলা হয় ৷যাৰ ফলত আমাৰ শৰীৰত বয়সৰ চাপ পৰে। গতিকে ব্যায়াম কৰিব লাগে কিন্তু শৰীৰটোৱে যাতে কষ্ট নাপাই তাৰ প্ৰতিও দৃষ্টি ৰাখিব লাগে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com