প্ৰেমৰ পৰীক্ষাত উত্তীৰ্ণ, অন্ধ যুৱতীক বিয়া কৰালে তেওঁৰ পৰীক্ষাৰ লিখকে

প্ৰতিটো মিলনৰ সৈতে হাৰ্ডিকৰ প্ৰেম বাঢ়ি আহিছিল পায়েলৰ প্ৰতি, আৰু সময়ৰ লগে লগে পায়েলৰ মনটো প্ৰকাশ পালে প্ৰেমৰ ভাৱ
প্ৰেমৰ পৰীক্ষাত উত্তীৰ্ণ, অন্ধ যুৱতীক বিয়া কৰালে তেওঁৰ পৰীক্ষাৰ লিখকে
Published on

পায়েল শৰ্মাৰ বাবে হয়টো এই কথা সপোনৰো অগোচৰ আছিল যে, তেওঁ জীৱনৰ সঁচা প্ৰেম বিছাৰি পাব পৰীক্ষা কেন্দ্ৰত। সংস্কৃত বিভাগত স্নাতকোত্তৰ ডিগ্ৰীত অধ্যয়ন কৰি থকা ২৬ বৰ্ষীয়া পায়েল চাক্ষুষভাৱে বাধাগ্ৰস্ত হোৱা বাবে তেওঁৰ বাবে পৰীক্ষাত লিখিবৰ বাবে প্ৰয়োজন আহি পৰিছিল এগৰাকী সহভাগীৰ। আৰু তেনে অৱস্থাত তেঁওৰ চিনাকী হৈছিল হাৰ্ডিক দেৱ নামৰ যুৱক গৰাকীৰ সৈতে। যিয়ে প্ৰথমে জয় কৰিছিল পায়েলৰ হৃদয় আৰু পৰবৰ্তী সময়ত, দুয়োটি পৰিয়ালক মান্তি কৰাইছিল তেওঁলোকৰ মিলনক সমৰ্থন প্ৰদান কৰিবলৈ। আৰু অৱশেষত যোৱা ২৮ নৱেম্বৰ তাৰিখে সকলোৰে সন্মতিত বিবাহ পাশত আবদ্ধ হয় এই বিশেষ যোৰাটি।

এই প্ৰেম কাহিনীক এই কথাই পৃথক কৰে যে, এজনে আন জনৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰাৰ পূৰ্বে হাৰ্ডিক আৰু পায়েলে যোৱা ৪বছৰৰ পৰা এজনে আন জনক বিশেষকৈ লগ পাইছিল পৰীক্ষা কেন্দ্ৰৰ চাৰি দেৱালৰ মাজত।

এই কাহিনীৰ আৰম্ভণি তেতিয়া ঘটিছিল, যেতিয়া পায়েলে নিজৰ পৰীক্ষাত লিখিবৰ বাবে এগৰাকী সহায়কৰ সন্ধানত আছিল। আৰু তেনে সময়ত তেওঁৰ চিনাকী হৈছিল হাৰ্ডিকৰ সৈতে, যি আছিল এগৰাকী সংস্কৃত বিভাগত স্নাতক উত্তীৰ্ণ আৰু ইয়াৰ লগতে তেওঁ পৰীক্ষা সমূহত লিখিবৰ বাবে সহায় কৰিছিল অন্ধ শিক্ষাৰ্থী সকলক। পায়েলৰ লেখক ৰূপে হাৰ্ডিক তেওঁৰ লগত আছিল তেওঁ BEd সমাপ্ত নকৰালৈকে।

প্ৰতিটো মিলনৰ সৈতে হাৰ্ডিকৰ প্ৰেম বাঢ়ি আহিছিল পায়েলৰ প্ৰতি, আৰু সময়ৰ লগে লগে পায়েলৰ মনটো প্ৰকাশ পালে হাৰ্ডিকৰ প্ৰতি প্ৰেমৰ ভাৱ। "তেওঁৰ প্ৰতিটো স্পৰ্শই মোক চঞ্চল কৰি তুলিছিল। বাছ ষ্টপৰ পৰা পৰীক্ষা কেন্দ্ৰলৈকে লৈ যাওঁতে যি ধৰণে তেওঁ মোৰ হাত ধৰি ৰাখিছিল, পুনৰ মোক বাছ লৈকে থৈ আহিছিল, এইবোৰৰ পৰা প্ৰকাশ পাইছিল মোৰ প্ৰতি থকা তেওঁৰ মৰম বোৰ। মোৰ প্ৰতি তেওঁৰ অনুভৱৰ বিষয়ে মই খাটাং নাছিলোঁ, সেয়ে প্ৰথম পদক্ষেপ তেওঁ লোৱা পৰ্যন্ত অপেক্ষা কৰিলোঁ।", এটি মিছিকিয়া হাঁহিৰে এই কথা প্ৰকাশ কৰে পায়েলে।

আমোদজনক ভাৱে কোনো বিশেষ উৎসৱত এজনে আন জনক শুভেচ্ছা জনোৱাৰ বাদে বৰ বেছি কথোপকথন হোৱা নাছিল হাৰ্ডিক আৰু পায়েলৰ মাজত।

বিত্তীয় ভাৱে এগৰাকী জ্যোতিষী, হাৰ্ডিকে কয় যে ইয়াৰ পূৰ্বে তেওঁলৈ আহিছিল প্ৰায় ১০টা বিবাহৰ প্ৰস্তাৱ । "তাৰে কিছুমানে বিচাৰিছিল যে জ্যোতিষ বিদ্যাৰ প্ৰতি থকা মোৰ আৱেগক ত্যাগ কৰি, মই কোনো আন কামত মনোনিবেশ কৰিব লাগে। পায়েলক মই খুবেই পছন্দ কৰিছিলোঁ, আৰু তেঁও মোক মই হিচাপেই পছন্দ কৰিছিল। তেওঁৰ প্ৰকৃতি আৰু দৃঢ় বিশ্বাসী মন তিয়ে মোক তেওঁৰ প্ৰতি আকৃষ্ট কৰিছিলে।"

অৱশেষত ৪বছৰৰ পাছত ছেপ্টেম্বৰ ২০২০ত পায়েলৰ সন্মুখত ব্যক্ত কৰিছিল নিজৰ মনোভাৱ। আৰু এই কথা সহাঁৰি প্ৰদান কৰিছিল পায়েলে। কিন্তু তেতিয়াও বাকী ৰৈছিল দুয়োটি পৰিয়ালক সন্মতি কৰোৱা কাৰ্য্য। যাক সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছিল কিছু সময়ৰ। লগতে কৰ'ণা দ্বিতীয় ঢৌয়েও কিছু পিছুৱাই নিছিল দুয়োৰে বিবাহ।

এই সময় খিনিক মনত পেলাই হাৰ্ডিকে কয় যে, বিবাহৰ পূৰ্বে পায়েলৰ পিতৃ - মাতৃয়ে জনাইছিল যে তেওঁ কোনো ধৰণৰ ঘৰুৱা কাম কাজ কৰিব নাজানে। "এই কথাত মই কৈছিলোঁ যে, মই সকলো চম্ভালি ল'ম, কিন্তু বিয়াৰ পাছত মই গম পালোঁ যে পায়েল ৰন্ধা - বঢ়াত খুবেই ভাল।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com