মণিপুৰৰ গাঁওবাসীয়ে খেৰ-বাঁহেৰে সাজি উলিয়ালে ৮০টা কোৱাৰেণ্টাইন চেণ্টাৰ

খেৰ-বাঁহেৰে সাজি উলিয়ালে ৮০টা কোৱাৰেণ্টাইন চেণ্টাৰ।
মণিপুৰৰ গাঁওবাসীয়ে খেৰ-বাঁহেৰে সাজি উলিয়ালে ৮০টা কোৱাৰেণ্টাইন চেণ্টাৰ
Published on: 

মণিপুৰৰ গাঁওবাসীয়ে খেৰ-বাঁহেৰে সাজি উলিয়ালে ৮০টা কোৱাৰেণ্টাইন চেণ্টাৰ

ক'ৱিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰিছে মণিপুৰৰ একাংশ গাঁওবাসীয়ে। এই লোকসকলে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। ৰাইজে  খেৰ-বাঁহেৰে সাজি উলিয়ালে ৮০টা কোৱাৰেণ্টাইন চেণ্টাৰ। বহিঃৰাজ্যৰ পৰা গাঁওলৈ অহা যিকোনো লোককে এই চেন্টাৰসমূহত কোৱাৰেণ্টাইন হৈ থকাৰ ব্যৱস্থা কৰিছে টুঞ্জয় গাঁওবাসীয়ে। অকল কোৱাৰেণ্টাইন চেন্টাৰে নহয়, তাত থকা সকলো লোককেই খাদ্যৰ যোগান ধৰিব বুলিও জানিব পৰা গৈছে। গাঁওবাসীৰ এই কৰ্মক মুখ্যমন্ত্ৰী এ বীৰেন সিঙে প্ৰশংসা কৰিছে। 

বহিঃৰাজ্যৰ পৰা অহা কোনো লোকৰ দেহত যদি ক'ৰ'নাৰ মাৰাত্মক ভাইৰাছবিধ আহেও সেই ভাইৰাছ যাতে গাঁৱৰ মানুহ বা অইন লোকৰ দেহলৈ সংক্ৰমণ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গাঁওবাসীয়ে। এই ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com