বিবিধ
দ্বিতীয় সন্তানৰ পিতৃত্ব অৰ্জন সাংসদ গৌৰৱ গগৈৰ
সাংসদ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে দেওবাৰে এটি কন্যা সন্তান জন্ম দিয়ে।
দ্বিতীয়টো সন্তানৰ পিতৃত্বৰ গৌৰৱেৰে গৌৰানাম্বিত হ'ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। আগন্তক অসম বিধানসভা নিৰ্বাচনক লৈ সাংসদগৰাকী ব্যস্ত হৈ থকাৰ সময়তে সাংসদ গগৈয়ে এটি কন্যা সন্তানৰ পিতৃত্ব অৰ্জন কৰে।
সম্প্ৰতি ইংলেণ্ডত থকা সাংসদ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে দেওবাৰে এটি কন্যা সন্তান জন্ম দিয়ে। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ৮ নবেম্বৰত গৌৰৱ-এলিজাবেথৰ জীৱনলৈ আহে এটি পুত্ৰ সন্তান। এই পুত্ৰ সন্তানৰ নাম কবীৰ গগৈ। এসপ্তাহৰ পিছতে সাংসদ গগৈ সপত্নীক গুৱাহাটীলৈ অহাৰ কথা।

