বিতৰ্কিত "আকুইলা ৰেস্তোৰাঁ"ক বন্ধ কৰাৰ নিৰ্দেশ দক্ষিণ দিল্লী পৌৰ নিগমৰ

ৰেস্তোৰাঁখনে কোনো উপযুক্ত স্বাস্থ্য ব্যৱস্থাৰ অনুজ্ঞা-পত্ৰ অবিহনে ব্যৱসায় চলাই আছে।
বিতৰ্কিত "আকুইলা ৰেস্তোৰাঁ"ক বন্ধ কৰাৰ নিৰ্দেশ দক্ষিণ দিল্লী পৌৰ নিগমৰ
Published on

শাৰী পিন্ধিৰ বাবে এগৰাকী মহিলাক ভিতৰ সোমাবলৈ বাধা দি শেহতীয়াভাৱে বাতৰিৰ শিৰোনমাত দখল কৰা দিল্লীস্থিত অভিজাত ৰেস্তোৰাঁ "আকুইলা"ক বন্ধ  কৰিবলৈ নিৰ্দেশ  জাৰি কৰিছে দক্ষিণ দিল্লী পৌৰ নিগমে। উল্লেখ্য যে উপযুক্ত স্বাস্থ্য ব্যৱস্থাৰ অনুজ্ঞা-পত্ৰ আৰু ৰেস্তোৰাঁখনৰ কিছু অপৰিষ্কাৰ-অপৰিচ্ছন্ন্তাৰ বাবে এনে এক পদক্ষেপ গ্ৰহণ কৰিছে দক্ষিণ দিল্লী পৌৰ নিগমে।

 বুধবাৰে পৌৰ নিগমৰ মেয়ৰ মুকেশ সুৰ্য়ানে কয় যে কোনো বৈধ অনুজ্ঞাপত্ৰৰ অবিহনে ৰেস্তোৰাঁখন চলি আছে।  সেয়ে অনিল প্লাজাত অৱস্থিত "আকুইলা ৰেস্তোৰাঁ" বিৰুদ্ধে এখন বন্ধৰ জাননী জাৰী কৰা হৈছে বুলি তেওঁ কয়।

এই জাননী যোৱা ২৪ ছেপ্টেম্বৰত জাৰি কৰা হয়। এই জাননিত উল্লেখ কৰা হয় যে স্থানীয় জনস্বাস্থ্য তদন্তকাৰী এগৰাকীয়ে নিজৰ অনুসন্ধানত এই কথা মন কৰে যে ৰেস্তোৰাঁ খনে কোনো উপযুক্ত স্বাস্থ্য ব্যৱস্থাৰ অনুজ্ঞা-পত্ৰ অবিহনে  ব্যৱসায় চলাই আছে। তেওঁ মন কৰে যে ৰেস্তোৰাঁ খনৰ পৰিবেশত অতিকৈ অপৰিষ্কাৰ আৰু ইয়াক ৰাজহুৱা স্থান বেদখল কৰি নিৰ্মাণ কৰা হৈছে।

ইয়াৰ প্ৰত্যুত্তৰত ৰেস্তোৰাঁখনৰ গৰাকীয়ে জনাইছে যে তেওঁ ইতিমধ্যে ৰেস্তোৰাঁখন বন্ধ কৰিছে। "নিৰ্দেশ জাৰিৰ  পাছতেই মই ৰেস্তোৰাঁখন বন্ধ কৰিছো আৰু দক্ষিণ দিল্লী পৌৰ নিগমৰ পৰা অনুজ্ঞা পত্ৰ প্ৰাপ্ত নকৰা লৈকে মই ইয়াক পুনৰ মুকলি নকৰোঁ"।

এই ৰেস্তোৰা খন পোনপ্ৰথম সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে যেতিয়া শাৰী পিন্ধি অহাৰ বাবে ৰেস্তোৰাঁ কৰ্মীয়ে তেওঁক ভিতৰত সোমোৱাৰ পৰা বাধা প্ৰদান কৰিছিল। সংবাদ মাধ্যমৰ আগত মহিলা গৰাকীয়ে নিজৰ দুখ প্ৰকাশ কৰিছিল আৰু ৰেস্তোৰাঁ কৰ্মী সকলৰ বদ - ব্যৱহাৰৰ বিষয়েও অৱগত কৰাইছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com