পাদ বিক্ৰী কৰি ১৮ লাখ টকা আৰ্জিলে আমেৰিকাৰ মহিলা ইউটিউবাৰে

প্ৰাপ্তবয়স্ক ছবিৰ অভিনেত্ৰী লুছ বটানিকাই প্ৰকাশ কৰিছে যে ইন্টাৰনেটত যোগে তেওঁ পাদ বিক্ৰী কৰি প্ৰায় ১৮লাখ টকা আয় কৰে
পাদ বিক্ৰী কৰি ১৮ লাখ টকা আৰ্জিলে আমেৰিকাৰ মহিলা ইউটিউবাৰে
Published on

অবিশ্বাস্য । এগৰাকী মহিলাই পাদৰ ভিডিঅ' জৰিয়তে ১৮ লাখ টকা অৰ্জন কৰিছে। আমেৰিকান ইউটিউবাৰ তথা প্ৰাপ্তবয়স্ক ছবিৰ অভিনেত্ৰী লুছ বটানিকাই অলপতে প্ৰকাশ কৰিছে যে ইন্টাৰনেটত যোগে তেওঁ নিজৰ পাদ বিক্ৰী কৰি প্ৰায় ১৮লাখ টকা আয় কৰিছে। চেনেল-৪ৰ এটি সাক্ষাৎকাৰত ইউটিউবাৰগৰাকীয়ে কয় যে ইয়াৰ আৰম্ভণি তেতিয়া হৈছিল যেতিয়া এজন ব্যক্তিয়ে তেওঁক নিজৰ পাদৰ এটি ভিডিঅ' বনাবলৈ আগ্ৰহ প্ৰকাশ কৰে।

নিজৰ ইউটিউব ভিডিঅ'ত তেওঁ প্ৰকাশ কৰে যে পোনপ্ৰথমে তেওঁ নিজৰ কেমেৰাৰ সন্মুখত এনে কোনো কাম কৰিবলৈ অনিচ্ছুক আছিল। পিছে সময় আগবঢ়াৰ লগে লগে এই কাম তেওঁৰ বাবে অতি সহজ হৈ পৰে। তেওঁৰ প্ৰথম পাদৰ ভিডিঅ'টিয়ে সেই লোক জনৰ পৰা কিছু ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

উক্ত সাক্ষাৎকাৰত তেওঁ লগতে কয় যে তেওঁৰ এনে এক অকলে পৰিৱেশন কৰা ভিডিঅ'ৰ যোগেদি তেওঁ প্ৰায় ২,৯৬,৫৩৯টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

আৰু সেয়ে তেওঁ নিজৰ একো একোটা ভিডিঅ'ত প্ৰায় ১২,০০০টকা দাবী কৰিব পাৰে।

লুছে কয় যে তেওঁ পাদেৰে ভৰা জাৰ নতুবা আন কোনো সামগ্ৰীত পাদিও ভিডিঅ তৈয়াৰ কৰে। তেওঁ মনত পেলায় কিদৰে তেওঁ এবাৰ এজন গ্ৰাহকৰ বাবে এটা পাদিছিল। নিজৰ সবাতোকৈ আচহুৱা অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে এবাৰ এজন দৰ্শকে তেওঁক পুতলা ৰেলৰ এখনৰ লগত সংযুক্ত এটা আকৃতিৰ ওপৰত তেওঁক পাদিবলৈ অনুৰোধ কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com