আজি ১৭ মেঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৭ মেঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৫৬ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনে ফান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ৷

১৭৬৯ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কম্পনীয়ে বংগালৰ বস্ত্ৰ উদ্যোগক শেষ কৰিবৰ কাৰণে বহু প্ৰতিবন্দকতা আৰোপ কৰে ৷

১৮৬৫ চনৰ আজিৰ দিনটোৰ পৰাই বিশ্ব সংসাৰ দিৱস পালন কৰিবলৈ আৰম্ভ কৰে।

১৯৭৫ চনৰ আজিৰ দিনটোতে জাপানী মহিলা শ্ৰীমতী জুনকো তেবেই মাউন্ট এভাৰেষ্ট অতিক্ৰম কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়।

১৯৮৭ চনৰ আজিৰ দিনটোৰ পৰাই সুনিল গাভাস্কাৰে টেষ্ট ক্ৰিকেটৰ পৰা সন্ন্যাস লয় ৷

১৯৭০চনৰ আজিৰ দিনটোতে এই দিনটোতে থোৰ হেয়াৰডালে মৰক্কোৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু আটলান্টিক মহাসাগৰ ৫৭ দিনত অতিক্ৰম কৰে।

২০০৮ চনৰ আজিৰ দিনটোতে বিহাৰৰ পৰিবহন মন্ত্ৰী ৰামানন্দ প্ৰতাপ সিঙে নীতীশ মন্ত্ৰী মণ্ডলৰ পৰা ইস্তীফা দিয়ে ৷

২০০৮ চনৰ আজিৰ দিনটোতে তালিবানী সন্ত্ৰাসবাদী সংগঠনে পাকিস্তানৰ ৰাজদূত তাৰিক অজীজুদ্দিনক মুকলি কৰি দিয়ে ৷

২০১০ চনৰ আজিৰ দিনটোতে দেশৰ সকলোতকৈ পুৰণি পাৰম্পৰিক খেল কাবাডীক অগ্ৰাধিকাৰ দি পঞ্জাৱ চৰকাৰে কাবাডী বিশ্বকাপ আয়োজন কৰাৰ কথা ঘোষণা কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ উদ্যোগপতি তথা শীৰ্ষ সদস্য ৰুছী মোডীৰ জন্ম হয়।

১৯৫১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গজল গায়ক পংকজ ওদাসৰ জন্ম হয় ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ হোটেল উদ্যোগপতি তথা "হোটেল লীলা "সংস্থাপক চি পি কৃষ্ণন নায়ৰৰ মৃত্যু হয় ।

১৮৯৬ চনৰ আজিৰ দিনটোতে হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু ৷

১৯৯৬ চনৰ আজিৰ দিনটোতে সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু হয় ৷

আজি আন্তজাৰ্তিক সমাজ দিৱস তথা বিশ্ব দুৰসংযোগ দিৱস ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com