পথৰ কাষত বস্তু বিক্ৰী কৰা এজন কিশোৰৰ প্ৰতিভা দেখি আনন্দ মহিন্দ্ৰাই সকলো সম্ভৱপৰ সহায় আগবঢ়োৱাৰ দিলে প্ৰতিশ্ৰুতি

পথৰ কাষত বস্তু বিক্ৰী কৰা এজন কিশোৰৰ প্ৰতিভা দেখি আনন্দ মহিন্দ্ৰাই সকলো সম্ভৱপৰ সহায় আগবঢ়োৱাৰ দিলে প্ৰতিশ্ৰুতি
Published on

যদি ব্যক্তিৰ প্ৰতিভা থাকে তেন্তে সেই প্ৰতিভা এদিন নহয় এদিন সকলোৰে সন্মুখলৈ আহিবই । প্ৰতিভা লুকোৱাই ৰখা ইমান সহজ নহয় আৰু তাতে যদি নিজৰ দেশৰ হয় তেতিয়া কথাই বেলেগ । আমাৰ দেশৰ মানুহৰ মাজত প্ৰতিভাৰ অভাৱ নাই কিন্তু প্ৰয়োজনীয় এইটো যে সেই প্ৰতিভাক বিকশিত কৰি জীৱনত সফলতা অৰ্জন কৰা ।

দেশৰ কিছু এনেকুৱা অনদেখা প্ৰতিভাৰ জৰিয়তে বিশ্বক স্বৰূপ কৰাবলৈ সংকল্প লৈ আগবাঢ়ি আহে সকলোৰে মাজত খ্যাত ব্যৱসায়ী (বিজনেজ টাইকুন) আনন্দ মহিন্দ্ৰা ।

বিখ্যাত বিজনেচ টাইকুন হিচাপে জনপ্ৰিয় আনন্দ মহিন্দ্ৰা চ'চিয়েল মিডিয়াত প্ৰায় সময় সক্ৰিয় হৈ থাকে আৰু প্ৰতিভাশালী ব্যক্তি সকলৰ ভিডিঅ' সমূহক অধিক উৎসাহিত কৰাৰ অৰ্থে টুইটো কৰে লগতে দেশৰ চুকে-কোনে থকা বিভিন্ন প্ৰতিভা সমূহক বিকশিত কৰি তুলিবলৈ লোক সকলক সহায় আগবঢ়াবলৈ আহ্বান কৰে ।

সদায়ৰ দৰে প্ৰতিভা বিচাৰি থকা আনন্দ মহিন্দ্ৰাৰ এইবাৰৰ প্ৰতিভাস্থলী মুম্বাই । মুম্বাইৰ ৰাস্তাত ঘূৰি থকা এটি শিশুৰ ওপৰত চকু পৰিল যাৰ নাম ৰবি চৌকাল্য । আনন্দ মহিন্দ্ৰাই এই শিশুটোৰ প্ৰতি অধিক প্ৰভাৱিত হৈ পৰিল যাৰ বাবে তেওঁ নিজৰ দলৰ মানুহক ৰবিৰ বিষয়ে উলিয়াবলৈ ক'লে ।

সম্পূৰ্ন ঘটনাটো হ'ল,২ জুলাইত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে আনন্দ মহিন্দ্ৰাক টুইটাৰত টেগ কৰে য'ত এটি শিশুৰ ভিডিঅ' ক্লিপ আছিল আৰু এই শিশুটোৱে মুম্বাইৰ গলি সমূহত ফেন(পাংখা) বিক্ৰী কৰি আছিল,কিন্তু এই শিশুটোৰ বিশেষ কথা এইটো আছিল যে,শিশুটোৱে অৰ্থাৎ ৰবিয়ে ১০টা বেলেগ বেলেগ বিদেশী ভাষাত কথা কৈ ফেন(পাংখা) বিক্ৰী কৰিছিল ।

আনন্দ মাহিন্দ্ৰাই এই শিশুটিৰ প্ৰতিভা দেখি টুইটাৰত টুইট কৰি লিখে যে;"শিশুটিৰ ৰিয়েল স্পাৰ্ক আছে,সেয়ে তেওঁ নিজৰ দলটোক কৈ শিশুটিৰ বিষয়ে উলিয়াবলৈ কয় আৰু শিশুটি পঢ়া-শুনা কৰি আছে নে নাই সেই বিষয়েও চায়" ।

তেওঁৰ কথা মতে দলটোৱে শিশুটিক বিচৰিবলৈ অভিযান চলালে আৰু কিছু সময়ৰ পিছত আনন্দ মাহিন্দ্ৰাই টুইটাৰ যোগেদি আপডেট কৰে আৰু তেওঁ লিখে যে,"মহিন্দ্ৰাৰ দকে শিশুটোক বিচাৰি উলিয়ালে যাৰ নাম ৰবি চৌকাল্য হয় আৰু তেওঁলোকৰ দলে শিশুটোৰ প্ৰতিভাক আৰু অধিক সকলোৰে মাজত বিয়পাবলৈ পৰিকল্পনা কৰে"

এনে ধৰনৰ শিশুৰ প্ৰতিভাক দেশ,সমাজ,ৰাইজৰ মাজত দাঙি ধৰাটো ডাঙৰ কথা,যিটো আনন্দ মাহিন্দ্ৰা আৰু তেওঁৰ দলে কৰি দেখুওৱালে । ই সমাজৰ বাবে এক আদৰ্শ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com