সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে কি খাব আপুনি ?

সুস্বাস্থ্য হৈ থাকিবৰ কাৰণে কি খাব আপুনি ?
Published on

আমি সকলোৱে পৰিপূৰ্ণতাৰে খাদ্য গ্ৰহণ কৰি থকাৰ পিছতো সুস্বাস্থ্যৰ অধিকাৰী নহঁও। কিন্তু আমি যদি বতৰৰ ফল মূল নিয়মিতভাৱে ভক্ষন কৰোঁ ৷ তেতিয়া নিশ্চয় ইমিউনিটী চিষ্টেম আৰু ইমিউনিটীক বঢ়াবৰ কাৰণে যথেষ্ট সহায়ক হ’ব। ইমিউনিটী চিষ্টেম বঢ়াবৰ কাৰণে আমাক সকলোতকৈ প্ৰয়োজনীয় পানী । কাৰণ পানীয়েই প্ৰাণ ৷

লগতে নিজৰ পুৱা গধুলি আহাৰত বিলাহী খাব লাগে ৷ বিলাহীত থকা লাইক’পিন নামৰ এন্টী অক্সিডেন্ট পদাৰ্থই আপোনাৰ মগজুৰ কাৰণে যথেষ্ট উপযোগী। ইয়াৰ উপৰিও বিলাহীত থকা ভিটামিন কে,ভিটামিন চি আৰু ফাইবাৰ পদাৰ্থ পোৱা যায়। যিয়ে ইমিউনিটী গঠন হোৱাত সহায় কৰে ৷ নেমু,আমলখি আৰু মৌচুমীৰ দৰে ফলমূলত ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায় ।

এই পদাৰ্থ সমুহে সকলো ধৰণৰ সংক্ৰমণ জাতীয় পদাৰ্থসমূহৰ লগতে যুদ্ধ কৰাত সহায় কৰে ৷ গতিকে এই খাদ্যসমূহক আপোনাৰ আহাৰ নিয়মিত তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে ।সেউজীয়া শাকৰ ভিতৰত পালেং অন্যতম ৷ পালেঙত পোৱা ফাইবাৰ আয়ৰণ এন্টী অক্সিডেন্ট বৃদ্ধি হৈ শৰীৰক স্বাস্থ্যবান কৰি ৰাখে। পালেঙত পোৱা ভিটামিন চিয়ে শৰীৰক বিভিন্ন প্ৰকাৰে স্বাস্থ্যবান কৰি ৰাখে ৷ পানীত বইল কৰা পালেং যদি নিয়মিত ভাৱে খোৱা হয় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি আহে।

পালেঙৰ উপৰিও আমি যদি নিয়মিত ৰূপত নহৰু সেৱন কৰোঁ , তেন্তে আমাৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপযোগী ৷নহৰুত ভৰপুৰ পৰিমাণে পোৱা এন্টী অক্সিডেন্টে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তথা বিভিন্ন বেমাৰৰ লগত যুদ্ধ কৰিবলৈ শক্তি প্ৰদান কৰে । নহৰুত পোৱা এলিচিন নামৰ পদাৰ্থই আমাৰ শৰীৰৰ সকলো প্ৰকাৰৰ সংক্ৰমণ আৰু বেক্টেৰিয়া নাশ কৰে ৷ লগতে গেষ্ট্ৰীক আলচাৰ আৰু কেন্সাৰৰ পৰা শৰীৰক ৰক্ষা কৰে ৷ পুৱা যদি নহুৰু সেৱন কৰে তেন্তে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ থাকে। আৰু এক দীঘলীয়া সময় ধৰি ইমিউনিটী চিষ্টেম শক্তিশালী হৈ থাকে ৷

অন্যহাতে দৈনিক বাদাম খালেও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায় । লগতে মগজুৰ বিভিন্ন চিন্তা বৃদ্ধি হ’লে বাদামৰ সেৱনৰ এক বিশেষ শক্তি দিয়ে ৷ বাদামত থকা ভিটামিন ই য়ে শৰীৰত প্ৰাকৃতিক ৰূপত চেলচ সমূহ বৃদ্ধি কৰাত সহায় কৰে। মাছৰুম শৰীৰৰ ৰক্ত কণিকা সমূহক সক্ৰিয় কৰাত সহায় কৰে। ইয়াত সেলেনিয়ম নামৰ মিনাৰেল,এন্টী অক্সিডেন্ট,ভিটামিন বী,আদি পোৱা যায় ।ইয়াৰ উপৰিও মাছৰুমত এন্টী বায়ৰেল,এন্টী বেক্টেৰিয়াল পোৱা যায়। মাছৰুমে শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা পোৱা যায় যিয়ে শৰীৰক মজবুত কৰি ৰাখে ।

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com