ব্ৰেকিং নিউজ
আৰু ১৪জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৩৫লৈ বৃদ্ধি
আৰু ১৪জনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৩৫লৈ বৃদ্ধি
অসমত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১৩৫জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰান্তসকলৰ সাতজন কামৰুপৰ ৷ আনসকলৰ মাজত দুজন হোজাইৰ, দুজন বিশ্বনাথৰ, এজন নগাঁৱৰ আৰু দুজন নলবাৰীৰ ৷ ৰাজ্যৰ মুঠ ১৩৫ক'ৰ'না আক্ৰান্তৰ মাজত ৮৮জনৰ শৰীৰত ভাইৰাছ সক্ৰিয় হৈ আছে ৷

