তেজপুৰত ৬ জন আক্ৰান্ত চিনাক্তঃ অসমত মুঠ ক'ৰ'না পজিটিভৰ সংখ্যা ২২২ লৈ বৃদ্ধি

আজি তেজপুৰৰ কোৱাৰেণ্টিন চেণ্টাৰত ভৰ্তি হৈ থকা ছজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷
তেজপুৰত ৬ জন আক্ৰান্ত চিনাক্তঃ অসমত মুঠ ক'ৰ'না পজিটিভৰ সংখ্যা ২২২ লৈ বৃদ্ধি

তেজপুৰত ৬ জন আক্ৰান্ত চিনাক্তঃ অসমত মুঠ ক'ৰ'না পজিটিভৰ সংখ্যা ২২২ লৈ বৃদ্ধি

অসমত ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে। দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্ত লোকৰ সংখ্যা ৷ আজিৰ দিনটোতে কমেও ছজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২২২জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি তেজপুৰৰ কোৱাৰেণ্টিন চেণ্টাৰত ভৰ্তি হৈ থকা ছজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ আক্ৰান্ত আটাইকেইজন লোক শোণিতপুৰ জিলাৰ। ফলত ৰাজ্যত কৰনা এক্টিভ লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি পাইছে। আনহাতে, ৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com