পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ
Published on

দুৰ্নীতিৰ গোচৰত আজি পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক গ্ৰেপ্তাৰ কৰা হয়।নেচনেল একাউণ্টেবিলিটি ব্যূৰ’ (NAB)ৰ ১৫ জনীয়া দলে আৰক্ষীৰ সহায়ত পিপিপিৰ উপ–সভাপতি আছিফ আলী জৰ্দাৰীক ইছলামাবাদৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।ভুৱা বেংক একাউণ্ট গোচৰত গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী।গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পূৰ্বে ইছলামাবাদ উচ্চ ন্যায়ালয়ে ভুৱা বেংক একাউণ্টৰ গোচৰত জৰ্দাৰী আৰু তেওঁৰ ভগ্নী ফৰয়াল তালপুৰৰ গ্ৰেপ্তাৰৰ সময় বৃদ্ধিৰ বাবে কৰা আবেদন খাৰিজ কৰে। আদালতৰ এই ৰায়ৰ পিছতে মহিলা বিষয়াসহ আৰক্ষীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক|

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com