ৰাজ্যত আৰু সাতজন ক'ৰ'না পজিটিভ চিনাক্ত,, মুঠ আক্ৰান্ত ৮৬ লৈ বৃদ্ধি

ৰাজ্যত আৰু সাতজন ক'ৰ'না পজিটিভ চিনাক্ত,, মুঠ আক্ৰান্ত ৮৬ লৈ বৃদ্ধি
Published on

ৰাজ্যত আৰু সাতজন ক'ৰ'না পজিটিভ চিনাক্ত,, মুঠ আক্ৰান্ত ৮৬ লৈ বৃদ্ধি

ক্ৰমাৎ অধিক জটিল হোৱাৰ দিশত অগ্ৰসৰ হৈছে অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি ৷ শেহতীয়া তথ্য অনুসৰি আজি একেদিনাই ৰাজ্যত সাতজন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় ৷ ফলত ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৮৬জনলৈ বৃদ্ধি পাইছে ৷ এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰিছে । স্বাস্থ্য মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি মুম্বাইত চিকিত্সা কৰাবলৈ গৈ ঘূৰি অহা কৰ্কটৰোগীসহ সাতজনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হৈছে। অসমত উপস্থিত হোৱাৰ পাছৰে পৰা আটাইকেইজনক কোৱাৰাণ্টাইনত ৰখা হৈছে। কৰ্কট ৰোগী কেইজন হৈছে, মনোৰঞ্জন সাহা, প্ৰদীপ কুমাৰ বণিয়া, গোবিন্দ চন্দ্ৰ মালাকাৰ। ১৩ বছৰীয়া এটি শিশু হৃদৰোগত আক্ৰান্ত (নাম উহ্য ৰখা হৈছে)।সম্প্ৰতি ৰাজ্যত চিকিত্সাধীন ক'ৰ'না ৰোগীৰ সংখ্যা ৪৪জন।

আৰু পঢ়িব পাৰেঃ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com