অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰিব লাগে : প্ৰফুল্ল মহন্ত

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা কৰিব লাগে : প্ৰফুল্ল মহন্ত
Published on

অসমীয়া জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাাৰ বাবে অসমত আন্তঃৰাজ্যিক পাৰপত্র ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।মহন্তই কয় যে যিহেতু অসমৰ কাষৰীয়া ৰাজ্যসমূহে বিশেষ আইনৰ বাবে নিজৰ খিলঞ্জীয়া সকলক সুৰক্ষিত কৰিব পাৰিছে । সেয়ে অসমীয়া জাতিটোৱেও নিজকে সুৰক্ষিত কৰি ৰখাৰ বাবে আন্তঃৰাজ্যিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাহিৰে আন বিকল্প নাই।বাংলাদেশীৰ চৰনিয়া পথাৰলৈ পৰিনত হোৱা অসমৰ এনআৰচি প্ৰকাশৰ পাছতেই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ছাত্র সন্থাৰ ফালৰ পৰা অৰুণাচল প্ৰদেশত সন্দেহযুক্ত নাগৰিকক বিতাৰণৰ পদক্ষেপ ।বাংলাদেশীয়ে অৰুণাচল প্ৰদেশৰ পৰা পলায়ন কৰি অসমত কোনো প্ৰমান পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰাত এতিয়া চুবুৰীয়া ৰাজ্য সমূহৰ ডাষ্টবিনলৈ পৰিণত হৈছে অসম।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com