অসমত উপস্থিত হল হিমা দাস

অসমত উপস্থিত হল হিমা দাস
Published on

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ যোৱা ১৮ সংখ্যক এছিয়ান গেমছত অসম কন্যা হিমা দাসে অাজি এক বজাত অসমৰ মাটিত ভৰি দিলে। বৰঝাৰস্থিত লোকপ্ৰিয় গোপিনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হোৱা হিমা হিমাক স্বাগতম জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ ল'ব তাৰকা দৌৰবিদ গৰাকীয়ে।তাৰ পাছত এক সংবাদমেল সম্বোধন কৰিব হিমাই।কলাক্ষেত্ৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমাক ১ কোটি ৬০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব।হিমাই এছিয়ান গেমছত এটা স্বৰ্ণ পদক আৰু দুটা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com