অসমলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ চিতাভস্ম

অসমলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ চিতাভস্ম
Published on

ভাৰতৰত্ন তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম অহাকালিলৈ অসমলৈ অনা হ'ব লগতে বিসৰ্জন দিয়া হ’ব বৰাক-ব্ৰহ্মপু্ত্ৰত।জানিব পৰা মতে,দিল্লীৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই আনিব ৰঞ্জিত দাসে।দিনৰ ২.৩০ বজাত গুৱাহাটী বিমান বন্দৰত চিতাভস্ম গ্ৰহণ কৰিব অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে বিমান বন্দৰলৈ যাব মন্ত্ৰী-বিধায়ক, নেতা-কৰ্মী সকল।বিমান বন্দৰৰ পৰা সমদল কৰি চিতাভস্ম লৈ যাব বাজপেয়ী ভৱনলৈ।নিশা কাৰ্বি ভৱনৰ খেল পথাৰত চিতাভস্ম ৰখা হ’ব।শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বৃহস্পতিবাৰে বিসৰ্জন দিয়া হ'ব ব্ৰহ্মপুত্ৰত।ইয়াৰ লগতে মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্বত এটা দলে বৰাকলৈ লৈ যাব চিতাভস্মখিনি।জানিব পৰা মতে,মন্ত্ৰীৰ সৈতে দলটোত থাকিব নাৰায়ণ বৰকটকী, ছুম ৰংহাং, ডঃ ৰাজদ্বীপ ৰয় আৰু উপ সভাপতি বিমল অশ্বোৱাল আৰু বিশ্বৰূপ ভট্টাচাৰ্য।ইয়াৰ উপৰিও ২৭ আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হ’ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com