আদালতত হাজিৰ ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক

আদালতত হাজিৰ ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক
Published on

আজি নগাঁও জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক । নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে গোচৰটোৰ শুনানি ।

৮ জুনত এদল অন্ধবিশ্বাসী লোকে সোপাধৰাৰ সন্দেহত নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক নীলোত্‍পল দাস আৰু অভিজিত্‍ নাথক । হত্যাকাণ্ডত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪৮জন অভিযুক্তৰ নাবালক অভিযুক্তজনক ইতিমধ্যে শিশুগৃহলৈ প্ৰেৰণ কৰা হৈছে।

ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ হস্তান্তৰ কৰা হৈছিল এই গোচৰ।৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত এদল অন্ধবিশ্বাসী লোকে সোপাধৰাৰ সন্দেহত নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই যুৱক নীলোত্‍পল দাস আৰু অভিজিত্‍ নাথক।

প্ৰকৃতিৰ মনোৰম বৈভৱ উপভোগ কৰিবলৈ গৈ কাৰ্বি আংলঙৰ ডকমকাত আধুনিক মানুহৰ বৰ্বৰতা, নৃশংসতাৰ বলি হ’ব লগা হৈছিল যুৱ শিল্পী নীলোতপল দাস আৰু অভিজিত নাথ ।

সমগ্ৰ দেশৰ লগতে বিদেশতো তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা ডকমকা কাণ্ডৰে জড়িত নৰপিশাচ কেইটাই আজিও পোৱা নাই উপযুক্ত শাস্তি । মানুহৰ নামত কলংক নৰপিশাচ কেইটাৰ চৰম শাস্তি বিচাৰিছে বিভিন্নজনে ।

নীল অভিজিতৰ হৈ আদালতত যুক্তি দর্শাব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। আদালতত হাজিৰ ৪৭ জন অভিযুক্ত। অভিযুক্তক কঠোৰতম শাস্তিৰ দাবী নীল অভিজিতৰ পিতৃৰ । ৰাজহুৱা স্থানত ফাঁচীৰ দাবী জনালে নিলোৎপলৰ পিতৃয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com