আধাৰ কাৰ্ড সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

আধাৰ কাৰ্ড সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
Published on

দেশৰ উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডৰ সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।ম’বাইলৰ সৈতে সংলগ্নকৰণ , বিদ্যালয়ৰ নামভৰ্তিকৰণ , বেংক একাউণ্টৰ সৈতেও আধাৰ সংলগ্নকৰণ আৰু চিবিএছই , নিট , ইউজিচিৰ পৰীক্ষাৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক নহয়।পেন কাৰ্ডৰ সৈতে আধাৰ সংলগ্নকৰণ আৰু চৰকাৰী যোজনা, ৰাজসাহায্যৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে । উচ্চতম ন্যায়ালয়ে আধাৰ আইনৰ ৫৭নং ধাৰা বাতিল কৰি ২৭খন আবেদনৰ ভিত্তিত এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com